পৃষ্ঠা:দদাইৰ পজা.pdf/১১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
দদাইৰ পজা

সুকলমে কৰে। তাৰ কিবা এটা হ'লে বাগিচাৰ ক্ষতি হ’ব। সেই দেখি লেগ্ৰীয়ে টমৰ একো ক্ষতি তেতিয়াই নকৰে। পাছদিনা পুৱা সি বন্দুক লৈ সেই কুকুৰবোৰ লৈ তাৰ নিজা বাগিচাৰ আৰু আন ওচৰচুবুৰিয়া বাগিচাৰ মানুহ লৈ কেসি আৰু এমেলিনক বিচাৰিব। যদিহে সিহঁতক পায়, তেনেহলে ভাল; নেপালে টমক⸻

 ৰাতিপুৱা ছোৱালীদুটীক বিচাৰিবলৈ মানুহে কুকুৰে ওলাল। কিন্তু বিচাৰি সিহঁত হায়ৰণ হ'ল। সিহঁতক নেপালে। লেগ্ৰী ভাগৰ আৰু কড়া মেজাজ লৈ ঘৰলৈ উভতি গ’ল। গৈয়েই হাওলা মাচিয়াত দীঘলহৈ পৰি কুইন্বোক হুকুম দিলে, “এই কুইম্বো, টমটোক ধৰি আন গৈ। সি কুকুৰৰপোটোৱেই এই কামৰ গুৰি। তাৰ কলাচালৰ আজি আইধা নেৰাখো। তাৰ কলাচালৰ পৰা কথা ফেৰি যদি নুলিয়াঁও আজি তাৰ শেহ কৰিম।”

 স্যাম্বো কুইম্বো শত্ৰু। কিন্তু টমক দুইয়ো দেখিব নোৱাৰিছিল। কিয়নো লেগ্ৰীয়ে প্ৰথমে কৈছিল যে, টমক অভাৰ্সিয়েৰৰ বাব দিব। সি কৰবালৈ গ'লে টমেই বাগিচাৰ তত্ত্বাৱধান কৰিব। এনে কথা স্যাম্বো, কুইম্বোৰ ভাল লাগিব নে? আৰু যেতিয়া দেখিলে যে, টমক সিহঁতৰ গৰাকীয়েও দেখিব নোৱাৰা হল, তেতিয়াতো কথাই নাই। লেগ্ৰীৰ হুকুম পাই কুইম্বোই অতি ৰং মনেৰে টমক আনিবলৈ গ'ল।

 লেগ্ৰীৰ হুকুম শুনি টমে তেতিয়াই জানিলে যে, আজি