পৃষ্ঠা:দদাইৰ পজা.pdf/১১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
দদাইৰ পজা


তেওঁ মুকলি খিলিকিৰ ওচৰৰ ঠাই সেই জহত কষ্ট পোৱা মানুহটীক দিছিল। তোমালোকে ডাঙ্গৰ কিতাপখন পঢ়িবা। তেতিয়া জানিবা টমৰ মহত্ত্বৰ কথা। গোলাম হলেও, প্ৰপীড়িত হলেও মানুহৰ আত্মা যে এইবিলাক পাৰ্থিব কাৰণৰ অধীন নহয়, টমৰ জীৱনীৰ পৰা তোমালোকে জানিব পাৰিবা। অৱশ্যে জানিবা যে, এই টম সেই নাৰী জাতিৰ ভিতৰৰ এজন প্ৰধানতম মহিলাৰ (হেৰিয়ে বীচাৰ ষ্টো) কল্পনাৰ সৃষ্টি। এই ষ্টো মহিলাই নীগ্ৰো জাতিৰ বহুত কষ্ট আৰু দুখ দেখি এই কিতাপ খনি লেখিছিল। সেই দেখি কওঁ যে টমৰ চৰিত্ৰ কাল্পনিক নহবও পাৰে। এব্ৰেহাম ( এব্ৰেম ) লিংকনৰ (Abraham Lincoln) নাম শুনিছা নে? তেওঁৰ সময়ত যে যুক্তৰাজ্যৰ উত্তৰবাসী মানুহবিলাকৰ সৈতে দক্ষিণবাসী মানুহৰ যুজ হৈছিল, সেই বিষয়ে তোমালোকে বুৰঞ্জী পঢ়ি নিশ্চয় জানিছা। সেই যুজৰ আন কাৰণ থাকিলেও তাৰ এক প্ৰধান কাৰণ এই চুটী-চাপৰ অথচ তেজস্বিনী ষ্টো মহিলাৰ কিতাপ। ডাঙ্গৰ হলে, ডাঙ্গৰ হ'লে কি, যেতিয়াই পাৰা তেতিয়াই ভাল ভাল কিতাপবোৰ পঢ়িবা দেই। কিতাপৰ দৰে বন্ধু নাই, জানিবা। দুখত সুখত সকলো সময়ত জানিবা কিতাপ তোমালোকৰ বন্ধু। মানুহ কপট হব পাৰে। কিতাপ কেতিয়াও কপট নহয়।

 সুবিধা পালেই টমে লগৰীয়া-বিলাকক বাইবেল পঢ়ি ভাল ভাল কথাবোৰ শুনাইছিল। তেঁওৰ সৰল সহৃদয়