পৃষ্ঠা:দদাইৰ পজা.pdf/১০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
দদাইৰ পজা

 ৰাতি। টমে কেকাই গোথায় বাগৰি আছে। ওচৰত কেনো নাই। গা তেজেৰে ভৰা। মহৰ কামোৰে টমৰ কষ্ট আৰু বঢ়াইছে। ইপিনে পিয়াহত কষ্ট পাইছে। পানী এটুপি দিওতাওঁ কোনো নাই। এতিয়া টমৰ পানীৰ নিমিত্তেই কষ্ট। কোনোবা খোটালীৰ ভিতৰলৈ অহাৰ শবদ পাই টমে কলে, “কোন সেইয়া? ঈশ্বৰৰ নাম লৈ খোঁজো, মোক এটুকি পানী দিয়া, তুমি যোনেই হোৱা।”

 এওঁ আৰু কোনো নহয়। এওঁ কেসি। কেসিয়ে লগত পানী লৈ আহিছিল। পানী এটা পাত্ৰত বাকি দি, টমৰ মুৰ অলপ ডাঙ্গি পানী খুৱাই দিলে। টমে কেবাবাটীও পানী খালে।

 কেসিয়ে ক'লে, “যিমান পাৰা খোৱা। মই জানোঁ তোমাৰ কিমান কষ্ট হৈছে। মই তোমাৰ দৰে বহুত মানুহক এনেকৈ পানী খুয়াই দিছোঁ।"

 “মোৰ ধন্যবাদ জানিব, মেম। “মোক মেম বুলি নেমাতিবা। মই তোমাৰ দৰে এজন গোলাম। মই তোমাৰকৈ অতি তলৰ খাপৰ মানুহ টম।”

 দুৱাৰৰ ফালে গৈ এখন কোমল তুলি আনি টমৰ বিছনা কৰি দিলে। সেই তুলি খনৰ ওপৰত ধৌধৌৱা বগা কাপোৰ পাতি দিলে আৰু সেই কাপোৰত অলপ পানী ছটিয়াই দিলে। তাৰ পাছত টমক সেই জুৰ বিছনাখনত শুৱালে।

 টমৰ গাত ইমান বিষ, আৰু কোব পৰা ঠাইবোৰৰ পৰা