পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৬)

ব্ৰহ্মাৰ বচন শুনি বোলে গদাধৰ।
উপায় কৰিবা আমি জিনিবো সমৰ॥
শঙ্খ ৰূপ ধৰি তাৰ নাৰীক হৰিবো।
শান্তি পুণ্য নষ্ট কৰি ঘৰে প্ৰবেশিবো॥
দেৱগণ লই ব্ৰহ্মা চলিও সত্বৰে।
স্বৰ্গে থাকি তোৰা চাহা বধিবো অসুৰে॥
এহি শুনি দেৱগণে বিষ্ণুক নমিয়া।
স্বৰ্গে গৈয়া দেৱ সবে থাকিলা চাহিয়া॥
দেৱগণে পঠাই পাছে কমল লোচন।
গৰুড় পক্ষীক আদেশিলা তেতিক্ষণ॥
শুনিও গৰুড় তুমি বিনতা নন্দন।
ত্ৰিদশ দেৱৰ কাৰ্য্য সাধিয়ো যতন॥
শঙ্খ চক্ৰ গদাপদ্ম আয়ুধ সহিতে।
যেবে যুদ্ধ লাগে তেবে আনিবা তহিতে॥
বিষ্ণুৰ আদেশে পক্ষী কৰিলা গমন।
নানা অস্ত্ৰ লৈয়া চলে শঙ্খৰ ভুবন॥
গৰুড় উড়িতে ত্ৰিভুবন চমৎকাৰ।
শঙ্খৰ ৰাজ্যত লাগি গৈলা মহামাৰ॥
তথা মায়া পাতিলন্ত দেৱ গদাধৰ।
মৃগ মাৰিবাক গৈলা শঙ্খ গৌৰী ঘৰ॥