পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

( ২২ )

পকা পত্ৰ হুবা যত পৰে ধৰণীত।
পৃথিৱী পৱিত্ৰ হুৱে কহিলোঁহোঁ সত্য॥
সেহি স্থানে যিতো মনুষ্যৰ প্ৰাণ যাই।
সংসাৰৰ যত পাপ তাহাক নপাই॥
তুলসীৰ বৃন্দাবন যি স্থানে বহুত।
সি স্থানক লাগিয়া নাযায় যম দূত॥
তুলসীৰ ঘ্ৰাণ বায়ু লৈ যাই দূৰক।
ভূত প্ৰেত পিশাচ নাই সি স্থানক॥
তুলসীৰ ছাঁয়াত যিজনে জপ কৰে।
গঙ্গা সঙ্গমৰ ফল পাৱে সেহি নৰে॥
সেহি পত্ৰে পিণ্ডদান পিতৃৰ তৃপিত।
সেহি পিণ্ডগেট পিতৃ লৱয় হাতত॥
তিলেকৰ ফল যত অন্তক নপাই।
ব্ৰহ্ম হত্যা গুৰু হত্যা পাপক এড়াই॥
তুলসীৰ মৃত্তিকা ললাটে ফোঁট লয়।
দ্বাদশ থানত যদি তেৱেসে পিন্ধয়॥
মৃত্যু কালে তুলসীৰ মালা অঙ্গে যাৰ।
মহা পাপী হৌক যম নাহি অধিকাৰ॥
তুলসীৰ ছাঁয়াত সেৱন্ত যিতো নৰ।
বিনাদান পূণ্য কৰি পাপ পাই পাৰ॥