পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সকলো পদৰ্থতে সকলোতে ঈশ্বৰ অনুপ্ৰবিষ্ট হৈ আছে। তুমি ঈশ্বৰ, মই ঈশ্বৰ, তেওঁ গোটেই জগৎ বিশ্বব্ৰহ্মাণ্ড ঈশ্বৰ। ব্যতিৰেক বাটেদি যোৱাসকলৰ মূলমন্ত্ৰ "নেতি"। "নেতি" অৰ্থাৎ ঈশ্বৰ এইটো নহয়, সেইটো নহয়, তেনে নহয়, স্থূল নহয়, অণু নহয়, হ্ৰস্ব নহয়, দীৰ্ঘ নহয়, ইত্যাদি ইত্যাদি। দুই বাটৰ বাটৰুৱাই নিজৰ নিজৰ মত, দৰ্শন আৰু তৰ্কশাস্ত্ৰৰ অকাট্য যুক্তিৰে প্ৰমাণ কৰে। কিন্তু স্বৰূপাৰ্থত এই দুই বাটৰ বাটৰুৱাৰ কোনো মতেই চূড়ান্ত মত নহয়, কাৰণ অকলসৰীয়াকৈ প্ৰত্যেকটো মতেই অসম্পূৰ্ণ; কিন্তু দুয়ো মিলি হ'লে সম্পূৰ্ণ। ঈশ্বৰ সৰ্ব্বব্যাপক আৰু সকলো, আৰু সকলো নহয়ও। ঈশ্বৰক সৰ্ব্বব্যাপক আৰু সকলো বুলিলে, তেওঁৰ বাহিৰে আন একো নাই বুলিলে তেৱেঁইহে সকলো হৈ থাকে, আনলৈ অৰ্থাৎ তেওঁৰপৰা সুকীয়া সৃষ্ট পদাৰ্থলৈ আৰু সৃষ্ট পদাৰ্থৰ কোনো কাৰ্য্যলৈ ঠাই নেথাকে। তেতিয়া কৰ্ত্তব্য আৰু দায়িত্ব, সৃষ্টকৰ্ত্তা আৰু সৃষ্টি এইবোৰ একেবাৰেই মিলি একেটা হৈ যায়; কাৰণ এনে হ'বই লাগিব নহ'লে জগৎ ব্ৰহ্ম অৰ্থাৎ ঈশ্বৰৰ সৰ্ব্বভূতময়ত্ব যাব- যিটো অসম্ভৱ। আন ফালে ঈশ্বৰ এইটো নহয়, সেইটো নহয় হ'লে ঈশ্বৰ খণ্ড, সীমাবদ্ধ কৰে। তৰ্কশাস্ত্ৰ, যুক্তি আৰু দৰ্শন শাস্ত্ৰমতে দুইটা হোৱাটো অসম্ভৱ অৱস্থা। "ক" "খ" নহয়, "খ"ও "ক" নহয়। "নাই"ত "আছে" হ'ব নোৱাৰে, "আছে" হ'ব নোৱাৰে, "আছে"ত "নাই" হ'ব নোৱাৰে। কিন্তু ঈশ্বৰ "ক"ও, "খ"ও, অথচ "ক" "খ" নহয়, "খ" "ক" নহয়। ঈশ্বৰ "আছে"তো "নাই", "নাই"তো "আছে"। এইদেখি আমাৰ তৰ্ক-যুক্তি দৰ্শনৰ সহায় লৈ ঈশ্বৰক পাব নোৱাৰি বুলি জ্ঞানী সাধুৱে কৈছে-

যতো ৱাচো নিৱৰ্ত্তত্তে অপ্ৰাপ্য মনসা সহ।
যিটো ব্ৰহ্ম নোহে তৰ্কগোচৰ।

নপাৱে বচনে মনে ওচৰ।।- শঙ্কৰদেৱ

       তেন্তে আমি দেখিলোঁ যে আমাৰ জ্ঞান-ইন্দ্ৰিয় যি আছে ঈশ্বৰক জানিব নোৱাৰি, ঈশ্বৰ তাৰ অগোচৰ। তেওঁক জানিবলৈ transcendental logic লাগে যি logic এ 'ক'কো' 'খ' বোলে, আৰু "আছে"ত নাই প্ৰমান কৰে "নাই"ত আছে প্ৰমান কৰে। ঈশ্বৰক জানিবলৈ super- sense (অতীন্দ্ৰীয়) লাগে। সেই sense হৈছে আত্মপ্ৰত্যয়, আত্মানুভূতি (intention); সাধকসকলে তাৰেহে তেওঁক জানিছিল, আমিও সকলোৱে তাৰেহে যি অলপ জানিব পাৰিছোঁ আৰু পাৰোঁ। এই super-sense আমাৰ সকলোৰে আছে, কিন্তু আমি ভাবি নেচাইহে তাক ভালকৈ নেদেখোঁ। উদাহৰণস্বৰূপে দেখা যাওক, মই মোৰ এই হাতৰ কাপ (যিটোৰে এই প্ৰৱন্ধ লেখিব লাগিছোঁ) দেখিছোঁ, জানিছোঁ। মই কিন্তু কাপটো নহওঁ, কাপটোও মই নহয়। দুয়ো সুকীয়া। কিন্তু মই কাপটো জনা মানে কাপৰ ingredient martial আৰু