পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ঈশ্বৰৰ গুণ নাম শ্ৰৱণ কীৰ্ত্তন কৰি, ঈশ্বৰৰ চৰণত শৰণ লৈ, ভজন ভক্তি কৰি, সন্তোষ-অমৃত জলেৰে ভৰা হৰিভক্তি-সৰোবৰত ফুলি থকা কৃষ্ণপাদপদ্ম সেৱা কৰিহে সন্তোষ্ট হয়।

হৰিভক্তি-সাৰোবৰে সন্তোষ-অমৃত-জলে
কৃষ্ণ-পাদপদ্ম প্ৰকাশয়।
ৰাম-নাম-ৰাজহংস ছানিয়া আৰাৱে কৰে

শুনি আতি সন্তোষ মিলয়।। (ঘোষা)

       সেইদেখি শঙ্কৰদেৱৰ ধৰ্ম্মক ধৰা একান্ত বৈষ্ণৱ ভকত, নিৰ্গুণ ব্ৰহ্মত স্থিতি লভা "মুক্তত নিস্পৃহ"। মহাপুৰুষীয়া বৈষ্ণৱ হোল্‌গজ ভকত। তেওঁ একে আষাৰতে কৈ থয় -"তোমাৰ বেদ বেদান্তই কোৱা মুকুতি আমাক নেলাগে, আমি তাৰ ভূ নেপাওঁ আৰু নলওঁ। আমি তোমাৰ সাংখ্য পাতঞ্জল একো বুজ নেপাওঁ আৰু তাৰ বুজো নলওঁ। আমি ভূ পাওঁ ঈশ্বৰক, এজন Personal God- অক, All- Pervading Deity-ক, যি আমাৰ পিতা, সুহৃদ, ৰক্ষাকৰ্ত্তা আৰু প্ৰভূ। আমাৰ Ambition (উচ্চ আশা) সেইজনৰ দাসৰো দাস হৈ থাকিবৰহে। তেওঁক সেৱাভক্তি কৰি, তেওঁৰ নামগুণ থাকিবলৈ পালেই আৰু আমাক তোমাৰ স্বৰ্গ, ব্ৰহ্মপদ, মুক্তি একোকে নেলাগে। আমাক তোমাৰ সুখো নেলাগে, দূখো নেলাগে, বিষয়-সম্পত্তি ঐশ্বৰ্য্য- বিভূতিও নেলগে। আমাক লাগে মাত্ৰ আমাৰ পুৰুষোত্তম গুণনাম কৰ্ণ ভৰি শ্ৰাৱণ কৰিবলৈ আৰু মুখ ভৰি ল'বলৈ।"

       এই ভাবৰ দ্বাৰায় পৰিচালিত হৈহে, নিৰ্গুণ ব্ৰহ্মত স্থিতি মুক্ত শুকদেৱে পৰীক্ষিতক কৈছিল-

পৰিনিষ্ঠিতোহপি নৈৰ্গুণ্যে উত্তযঃশ্লোকলীলয়া।
গৃহীতচেতা ৰাজৰ্ষে আখ্যানং যদধীতৱান্‌।
শুক নিদগতি পৰীক্ষিত       যদি আমি নিৰ্গুণত স্থিত
তথাপি উত্তম শ্লোকৰ মহিমা গুণ।
কৰিলেক মোৰ বশ্য চিত্ত       ভাগৱত গ্ৰন্থ বিপৰীত
পৰম আনন্দে পঢ়িলো মই আপুনে।।(ঘোষা)

এই বাবেহে সনক সনন্দ নাৰদ আদিয়েব্ৰহ্মলাভ কৰি মুক্ত হৈও হৰিভকতৰ সঙ্গ বিচাৰি কৃষ্ণকথা শুণি ফুৰে, কৃষ্ণগুণ কীৰ্ত্তন কৰি ফুৰে। এই বাবেহে ঘোষাই কয়-

ঐকান্তিক মহামুনি যত       নিৰ্বত্তিয়া বিধি-নিষেধত
নিৰ্গুণ ভাবত স্থিতি হুৱা নিৰন্তৰে।
জানি সাৰতত্ত্ব        কৃষ্ণ-কথামৃত-সাগৰত
কথনে-মগনে সদায় ৰমন কৰে।।
প্ৰায়েন মুনয়ো ৰাজন্‌ নিবৃত্তা ৱিধিসেধতঃ।

নৈৰ্গুণ্যস্থা ৰমন্তে স্ম গুণানুকথনে হৰেঃ।।

পাতঞ্জলৰ সমাধিৰ উচ্চ অঙ্গ নিৰ্ব্বীজ সমাধী আৰু সাংখ্যৰ কৈৱল্য একে বুলিয়েই ওপৰত কৈছোঁ। পাতঞ্জলৰ মতে জানিবা সাধন বা অভ্যাসৰ দ্বাৰায় চিত্তবৃত্তি নিৰোধত