পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


উত্তৰ ভাগত বিয়পি পৰি সেই ঠাইবোৰৰ আদিবাসী মানুহবিলাকেৰে সৈতে সংঘৰ্ষণলৈ আহিলত তেওঁবিলাকৰ ধৰ্ম্মৰ গঢ় লাহে লাহে লৰিবলৈ ধৰিলে। এইডোখৰ কালতে যজুঃ আৰু সাম নামে বেদ দুখন ৰচিত হ'ল।

       যজ শব্দৰ অৰ্থ পূজা, বলি। যজুৰ্ব্বেদৰ এভাগত ঋক্‌বেদৰ প্ৰাৰ্থনা অৰ্থাৎ স্তুতিৰ শ্লোকবোৰ আছে। সেইবোৰ একশ্ৰেণীৰ পুৰোহিতে দেৱতাৰ আগত বলি দি পূজা কৰোঁতে গায়। আৰু এভাগত বলি দিবৰ নিয়ম-প্ৰণালী, যাগ-যজ্ঞৰ বিধি-বিধান আছে। যজুৰ্ব্বেদক আৰ্য্য হিন্দুৰ প্ৰাৰ্থনা-শাস্ত্ৰ বুলিব পাৰি। সামবেদত ঋক্‌বেদৰ স্তোত্ৰৰ শ্লোক কিছুমান আছে। সেই স্তোত্ৰবোৰ আন এক শ্ৰীণীৰ পুৰোহিতে, দেৱতাৰ উদ্দেশ্যে বলি নৈবেদ্য দি কৰা পূজাৰ সময়ত গান কৰে। সমাবেদক আৰ্য্যবিলাকৰ স্তব-শাস্ত্ৰ বা ধৰ্ম্মসঙ্গীত শাস্ত্ৰ বুলিব পাৰি। গীতাত ভগৱানে বিভূতিযোগাধ্যায়ত "বেদৰ ভিতৰত মই সামবেদ" বুলি কৈছে। এই কথাৰ দ্বাৰাই সামবেদৰ উত্কৃষ্টতা আৰু বিশিষ্টতা সূচিত হৈছে। এই তিনিখন বেদ ৰচিত হোৱাৰ ভালেমান কালৰ পিছতহে চতুৰ্থখন বেদ অৰ্থাৎ অথৰ্ব্ববেদ ৰচিত হয়। কোনো কোনো পণ্ডতে গীতা ৰচিত হোৱাৰ পিছতহে অতৰ্ব্বেবেদ ৰচিত হৈছিল বুলি কয়। ইয়াৰ কাৰণ-গীতাৰ অনেক ঠাইত তিনিখন বেদৰহে উল্লেখ আছে, চতুৰ্থ অৰ্থৰ্ব্ববেদৰ উল্লেখ নাই। অথৰ্ব্ববেদত যাদুবিদ্যা, ভৈষঝ্য প্ৰভৃতি অনেক বিষয় আছে, যিবোৰ যান্ত্ৰিক ক্ৰিয়াকৰ্ম্মৰ উপযোগী নহয়। কৰ্ম্মকাণ্ডত ব্যৱহাৰৰ যোগ্য বিষয় অথৰ্ব্ববেদত খুব কমহে আছে। এই নিমিত্তে শ্ৰৌত গ্ৰন্থবোৰৰ ভিতৰত অথৰ্ব্ববেদৰ কোনো মাহাত্ম্য নাই। ঋকবেদৰ ব্ৰাহ্মণ অথৰ্ব্ববেদৰ কোনো উল্লেখ নাই। শতপথ ব্ৰাহ্মণতো বেদক ত্ৰয়ীবিদ্যা বুলিহে কৈছে। বৌদ্ধ যুগতো ঋক্, যজুঃ সাম এই তিনিখন বেদহে ত্ৰীয়বিদ্যা ৰূপে জনাজাত আছিল। কৌষীতকী ব্ৰাহ্মণত, ছান্দোগ্য উপনিষদতো অথৰ্ব্ববেদৰ উল্লেখ নাই। আনকি অমৰকোষতো অথৰ্ব্ববেদক বেদৰ ভিতৰত ধৰা নাই,- "ঋক্-সাম যজুং যি ইতি বেদাস্ত্ৰয়-স্ত্ৰয়ী" (অমৰকোষৰ স্বৰ্গবৰ্গ)। মহাভাৰত আৰু পৌৰাণিক যুগতহে অথৰ্ব্ববেদৰ প্ৰতিপত্তিৰ গম পোৱা যায়। এতিয়াও দাক্ষিণাত্যৰ অনেক অগ্ৰগণ্য পণ্ডিত ব্ৰাহ্মণে অথৰ্ব্ববেদক বেদ বুলি গ্ৰহণ কৰিব নোখোজে।

       কালক্ৰমত যাগযজ্ঞৰ ধুম আৰ্য্য সকলৰ ভিতৰত বাঢ়ি গ'লত, চাৰিওখন বেদেও তেওঁলোকক নোজোৰা হ'ল। কোন পুৰোহিতে, কোন হোতাই, কোন আচাৰ্য্যই যজ্ঞৰ কি কি কাম কৰিব লাগে, সেইদৰে বিধি-বিধান তেওঁলোকে ন ন-কৈ বহলাই লিখি প্ৰত্যেক বেদতে সুমাবলৈ ধৰিলে। ঋকবেদৰ ব্ৰাহ্মণে বৈদিক মন্ত্ৰ উচ্চাৰণ কৰোঁতা পুৰোহিতক কেনেকৈ তেওঁ সেই মন্ত্ৰ মাতিব লাগে তাক কৈ দিলে। সামগান কৰোতা পুৰোহিতে কেনেকৈ সামগান কৰিবলাগে, সামবেদৰ ব্ৰাহ্মণে তাৰ বিধান দিলে। যজ্ঞ কৰোঁতা পুৰোহিতে কেনেকৈ যজ্ঞ কৰিব লাগে, যজুৰ্ব্বেদৰ ব্ৰাহ্মণে তাৰ ব্যৱস্থা দিলে। অথৰ্ব্ববেদৰ ব্ৰাহ্মণে বেদৰ শ্লোকবিলাকৰ খোলোচাকৈ অৰ্থ কৰি দিলে। এইদৰে বেদত ব্ৰাহ্মণ ভাগৰ সৃষ্টি হ'ল। এই ব্ৰাহ্মণবোৰৰ কিছুমানক আৰণ্যক বোলে। মানুহৰ বসতিৰপৰা আঁতৰ হৈ থকা অৰণ্যবাসী ঋষিসকলৰ নিমিত্তে আৰণ্যকবিলাকত বিধি-বিধা লিখা আছে। আৰণ্যকবিলাক ঋক্‌ আৰু যজুৰ্ব্বেদৰ ভিতৰুৱা। সাম আৰু