পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪২
তত্ত্ব-কথা

পৰ নাই, সেইদেখি পৰদাৰও নাই। প্ৰেম আৰু আনন্দৰ ক্ৰীড়তে জগৎ তিষ্ঠি আছে। এই প্ৰেম আৰু আনন্দৰ নিত্যলীলা বুজিব পাৰিলেই জীৱৰ সংসাৰৰ পৰা নিবৃত্তি। এই বাবেই শ্ৰীধৰ স্বামীয়ে ৰাসলীলাৰ প্ৰথমতেই কৈছে ̶

       ৰাসক্ৰীড়াবিড়ম্বনং। কামজয়খ্যাপনায়েতি তত্ত্বম্। কিঞ্চ শৃঙ্গাৰ-কথোপদেশেন বিশেষতো নিবৃত্তিপৰেয়ং পঞ্চাধ্যায়ীতি ব্যক্তীকৰিষ্যামঃ।

       ৰাসলীলাত শৃঙ্গাৰ-কথা ছল মাথোন। বাস্তৱিকতে ই নিবৃত্তিপৰ মুক্তিৰ দ্বাৰস্বৰূপ।

       গোপীসকলক পৰদাৰ কৰি লীলা কৰাৰ মানে, এইটো দেখুৱাবলৈ যে সৰ্ব্বত্যাগ নকৰিলে কৃষ্ণক পোৱা নাযায়। গোপীসকলে সৰ্ব্বত্যাগ কৰিছিল, আন কি স্ত্ৰীয়ে পৰিত্যাগ কৰিব নোৱাৰা আৰু নোপোৱা নিজ পতিক পৰিত্যাগ কৰিছিল আৰু কৰিহে ভগৱন্তক পাইছিল- এইটো মানুহক ভালকৈ বুজাই দিবলৈ। যদি ভগৱন্তই গোপীসকলক নিজ পৰিণীতা পত্নী কৰি লীলা কৰিলেহেঁতেন, তেন্তে সাধাৰণ মানুহক, ঈশ্বৰ লাভৰ নিমিত্তে য়ে সৰ্ব্বত্যাগ কৰিব লাগিব এইটো শিক্ষা দিয় নহ'লহেঁতেন, কাৰণ লৌকিক আৰু ব্যৱহাৰিক শাস্ত্ৰমতে ত্যাগ কৰিব নোপোৱা নিজ পতি বাকী থাকি গ'লহেঁতেন। বাস্তৱিকতে ভগৱন্ত সৰ্ব্বময় ̶

মত্তঃ পৰতৰম নান্যং কিঞ্চিদস্তি ধনঞ্জয়। ̶ গীতা

       তেওঁ লীলা কৰিব লাগিলে নিজকে পৰ যেন কৰি লীলা কৰিবই লাগিব। ভগৱন্তই শ্ৰুতিত সেই দেখি কৈছে ̶

তদৈক্ষত বহু স্যাং প্ৰজায়েয়। ̶ ছান্দোগ্য উপনিষদ

       অৰ্থাৎ তেওঁ ইচ্ছা হ'ল যে এক মই বহু হ'ম।

য একোহবৰ্ণো বহুধা শক্তিযোগাৎ।

ৱৰ্ণান্ অনেকান্ নিহিতাৰ্থো দধাতি। ̶ শ্বেতাশ্বেতৰ উপনিষদ

       ;অৰ্থাৎ যি পৰমেশ্বৰ অদ্বিতীয় অবৰ্ণ, তেৱেঁই বিবিধ শক্তিযোগেৰে স্বাৰ্থ নিৰপেক্ষ হৈ নানা বিভাব ধাৰণ কৰে।

       ঈশ্বৰৰ অংশ জীৱই অবিদ্যাত মুগ্ধ হৈ আছে। কিন্তু লীলাপ্ৰিয় আনন্দময় ভগৱন্তই কাকো নাপাহৰে। তেওঁ ধেমালিৰ নিমিত্তে তেওঁৰ অংশ জীৱক পৰ কৰি লৈয়ো বংশীৰ সুমধুৰ ধ্বনিৰে, সুস্বৰ সঙ্গীতেৰে সকলোকে মাতিব লাগিছে-'আহ মোৰ ওচৰলৈ আহ। সকলো পৰিত্যাগ কৰি মোৰ ওচৰলৈ লৰি আহ।' যি সেই আহ্বান শুনিবলৈ পায়, সি সকলো বিনাশী পাৰ্থিব সম্বল পৰিত্যাগ কৰি তেওঁৰ ওচৰলৈ লৰি যায়; যি অবিদ্যা প্ৰাণোদিত হৈ সংসাৰত সৰ্ব্বতোভাৱে মজি অসদাচাৰ অৰ্থাৎ চিন্তা, পাপ আৰু কল্মষেৰে নিজৰ কাণত থিলা দি সেই বংশীধ্বনি নুশুনে, গৃহত থাকিও, পুত্ৰ-দাৰা-পৰিবাৰেৰে পৰিবৃত থাকিও, জীৱনৰ সাংসাৰিক কৰ্ত্তব্য যথোচিতৰূপে পালন কৰিও, পৱিত্ৰ মন, শুদ্ধ চিন্তাৰে বংশীৰ আহ্বান শুনি অন্তৰত পৰমানন্দ পৰমাত্মীয় পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণৰে সৈতে সততে বিহাৰ কৰে, সি এই নশ্বৰ দেহ পৰিত্যাগ কৰি প্ৰাণবন্ধু কৃষ্ণৰ সামীপ্য লাভ কৰি চিৰানন্দ চিৰশান্তি লাভ কৰে।