বনকো দেখিল চন্দ্ৰৰশ্মিয়ে ৰঞ্জিত।
সুস্বৰ মধুৰ কৰি হৰি গাইল গীত।।
শুনি কামে উত্ৰাৱল হুয়া গোপীগণে।
শ্ৰীশঙ্কৰদেৱে গোপীসকলৰ গৃহকাৰ্য্য এৰি এইদৰে লৰি যোৱাৰ সন্দৰ তাৎপৰ্য্য দিছে ̶
এড়ে যেন ধৰ্ম্ম ভকতসকলে।
কৃষ্ণৰ কীৰ্ত্তন শুনি চিত্ত উত্ৰাৱলে।।
নেদেখন্ত পুত্ৰ দাৰা বিষয়ৰ সুখ।
গোপীসকলে বংশীবদনৰ বংশী আহ্বান শুনি বংশীবাদনক পাবৰ নিমিত্তে লৰালৰিকৈ বিপৰ্য্যয়ৰূপে কাপোৰকানি অলঙ্কাৰ পিন্ধি গৈয়ো তেওঁক পালেগৈ। এই বিষয়েও শ্ৰীশঙ্কৰদেৱে দিয়া কেনে পটন্তৰ চোৱা--
তথাপি কৃষ্ণক পাইলে গোপী নিৰন্তৰ।
শুনয়োক আৰ আবে যেন পটন্তৰ।।
কৃষ্ণৰ নিমিত্তে কৰ্ম্ম ভকতে কৰন্তে।
যদি ছিদ্ৰ পড়ে মনে কৃষ্ণক স্মৰন্তে।।
তথাপি সাফল কিঞ্চিতেকো নাই বৃথা।
গোপীসকলে সকলো বাধাবিঘিনি অতিক্ৰম কৰি কৃষ্ণৰ কাষলৈ লৰা বিষয়ত শ্ৰীশঙ্কৰদেৱৰ পটন্তৰ--
বিমোহিত হুয়া সৱে লৱড়ে গোপিনী
হৰি-ভকতক যেন নলঙেঘ বিঘিনি।।
আপদকো নগণি হৰিত কৰে ৰতি।
গোপীসকৰ কৃষ্ণৰ সমুখ হ'ল। কিন্তু আকৌ তেওঁলোকৰ পীক্ষা আৰম্ভ হ'ল। বাস পঞ্চাধ্যায়ৰ প্ৰথম অধ্যায়ৰ ১৭ শ্লোকৰপৰা ২৪ শ্লোকলৈকে এই পৰীক্ষাৰ প্ৰশ্ন। শ্ৰীকৃষ্ণই গোপীসকলক প্ৰথমতে স্বাগত সুদিলে। তাৰ পিছত সুধিলে, তেওঁ তেওঁলোকৰ কি প্ৰয়ি কাৰ্য্য কৰিব পাৰে ? তাৰ পিছত সুধিলে, ব্ৰজৰ মঙ্গল নে ? তাৰ পিছত সুধিলে, তেওঁলোকৰ অহাৰ কাৰণ কি ?
ৰজাৰ ঘৰৰ ডাঙৰ চাকৰি পাবলৈ আশা কৰোঁতাজনে যেনেকৈ প্ৰথমতে পৰীক্ষা দি মহলাত উঠিব লাগে আৰু চাকৰিত বাহাল হ'লেও যেনেকৈ তাত নিগাজী (Permanent) হ'বলৈ আৰু প্ৰমোছন পাবলৈ আৰ্থাৎ ওপৰৰ খাপে খাপে উধাই গৈ থাকিবলৈ Departmental Examination আৰ্থাৎ নানা বিষয়ত পৰীক্ষা দি থাকিব লাগিব, সেইদৰে ভগৱন্তৰ চৰণ-পঙ্কজ পদপ্ৰাৰ্থীয়েও পদে পদে পৰীক্ষা দিব লাগিব। বস্ত্ৰহৰণত পৰীক্ষা আৰম্ভ হৈছিল। গোপীসকল উত্তীৰ্ণ হ'ব নোৱাৰিলে দেখি