পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


       ব্ৰজৰ গোপীসকলে মূৰ্ত্তিমান আনন্দ শ্ৰীকৃষ্ণক আলিঙ্গন কৰি গোটেই সংসাৰ পাহৰি গৈছিল। শ্ৰীকৃষ্ণৰ ৰাসলীলা জীৱ ব্ৰহ্মৰ আলিঙ্গনৰ অভিনয়। সংসাৰ পাহৰিব পাৰিলেই কাম নাথাকে। আনন্দ মূৰ্ত্তিৰে সৈতে আলিঙ্গিত হ'ব উপায় প্ৰেম। প্ৰেমৰ ঘাই লক্ষণ প্ৰিয়তমৰ অপ্ৰাপ্তি দাৰুণ উৎকণ্ঠা। বিৰহিণী ব্যভিচাৰিণী কামিনীয়েই সেই উৎকণ্ঠাৰ এক মাথোন চূড়ান্ত দৃষ্টান্ত। এই বাবে গোপীসকলক ব্যভিচাৰিণী পৰনাৰীৰূপে থিয় কৰি ভগৱন্তৰ ভক্তৰ ভগৱন্তক পাবৰ উৎকণ্ঠা দেখুৱা হৈছে অৰ্থাৎ জীৱৰ এনেকুৱা উৎকণ্ঠা হ'লেই জীৱই ভগৱন্তক পাব। এয়ে ৰাসলীলাৰ ঘাই শিক্ষা।

       আমি ওপৰত কৈছোঁ যে ব্ৰস্ত্ৰহৰণলীলাত ৰাসলীলাৰ পাতনি। সেই লীলাত গোপীসকলৰ প্ৰথম পৰীক্ষা। সেই পৰীক্ষাত তেওঁলোকে তেতিয়া উঠিব নোৱাৰিলে দেখি, তেওঁলোকক ওভোতাই পঠিয়াই পৰীক্ষাত উঠিব পৰা হ'বলৈ সময় দিয়া হ'ল। সাধন নাৰ্গত সাধক ভক্তৰো প্ৰথমাৱস্থা এনেকুৱাই।

       ৰাসলীলাৰ প্ৰথমতে শ্ৰীকৃষ্ণই বংশীধ্বনিৰে গোপীসকলক নিজৰ ওচৰলৈ মাতি আনিলে। সুস্বৰৰ সৌন্দৰ্য্যৰ, সুৰসৰ, সুগন্ধৰ, সুস্পৰ্শৰ আকৰ্ষণী যে আছে এইটো সকলোৱে জানে। কিন্তু এই আকৰ্ষণী শক্তি প্ৰকৃততে পাৰ্থিব পদাৰ্থৰ নহয়, এই আকৰ্ষণী শক্তি 'ৰসো বৈ সঃ' আনন্দৰহে। পাৰ্থিৱ পদাৰ্থৰ যদি আকৰ্ষণী শক্তি থাকিলহেঁতেন, তেন্তে তুমি যাক সুন্দৰ যেন দেখিছা, মই তাক তেনে সুন্দৰ দেখিলোঁহেঁতেন, কিন্তু নেদেখোঁ। তুমি যিটো ৰুচিকৰ বুলি তৃপ্তিৰে খোৱা মোৰ সেইটো ৰুচিকৰ নালাগে আৰু তাত মই তৃপ্তিও নাপাওঁ কিয় ? তোমাৰ ল'ৰা-ছোৱালী মোৰ চকুত কুৰূপ আৰু কুশ্ৰী হ'লেও আৰু সেই বাবে মোৰ সিহঁতক দেখিবৰ মন ন'গলেও তোমাৰ চকুত সিহঁত সুন্দৰ আৰু মনোৰম। অনেক দৃষ্টান্ত দিব পাৰি যে বেশ্যাসক্তই নিজৰ সুন্দৰ স্ত্ৰীত সৌন্দৰ্য নেদেখি কুৰূপা বেশ্যা এজনীত সৌন্দৰ্য্য আৰু তৃপ্তিৰ লালসাত নিগমন হয়। আনৰ জিভাত ঘিউ-মৌ আদিৰ সোৱাদ সুমধুৰ লাগে কিন্তু এনে অনেক আছে, যি ঘিউৰ গোন্ধত বঁতিয়ায়, গোলাপজল আৰু আতৰৰ গোন্ধ সহিব নোৱাৰে। ল'ৰা এটাক এদিন এডোখৰ দালচেনি চোবাবলৈ দিছোঁ, সি চোবাই ছিঃ ছিঃকৈ লৰি গৈ এটা গান্ধিপোক চোবাইহে তাৰ হিচাপেৰে দালচেনিৰ দুৰ্গন্ধটো মাৰি মুখ সুগন্ধ কৰিলে। মানৰ 'নেপি', য়ুৰোপীয়ৰ 'চিজ' আমাৰ মানুহে খাই বা শুঙি বঁতিৱাৰ অনেক উদাহৰণ আছে। এতেকে দেখা যায় যে সুস্বৰ, সুৰস, সুগন্ধ, সুখস্পৰ্শ আৰু সুন্দৰ বুলি কোনো এটা নিৰ্দ্দিষ্ট বস্তু নাই। যি যিহত আনন্দ লাভ কৰে তাৰ পক্ষে সিয়েই সুন্দৰ, সুস্বৰ বা সুমধুৰ। সেইদেখি বেছ বুজিব পৰা যায় যে আকৰ্ষণী শক্তি মূল বস্তু আনন্দৰেইহে আছে, আন কোনো পদাৰ্থৰ নাই। সেই আনন্দই ব্ৰহ্ম, শ্ৰীকৃষ্ণই সেই আনন্দৰ ঘনীভূত মূৰ্ত্তি 'সচ্চিদানন্দ বিগ্ৰহ'। শ্ৰীকৃষ্ণৰ আকৰ্ষণী শক্তিস্বৰূপ বাঁহীয়ে সদায় সকলোকে সুললিত স্বৰেৰে তেওঁৰ ফাললৈ মাতিব লাগিছে। যাৰ কাণৰ মলিনতা দূৰ হৈছে, যাৰ হৃদয় ভক্তি ৰসেৰে বিশুদ্ধ বিধৌত হৈছে, সিয়েই সেই বংশীৰ আহ্বান সুনিবলৈ পায়। সেইদেখি বিশুদ্ধ চিত্ত কৃষ্ণগত প্ৰাণ গোপীসকলেহে সেই শৰৎকালৰ চন্দ্ৰাৱলী ৰাতি বৃন্দাবনত বংশীৰ আহ্বান শুনিবলৈ পাই গৃকাৰ্য্য পতি-পুত্ৰাদি এৰি প্ৰাণবল্লভ কৃষ্ণৰ ফালে লৰ দিছিল।