হৈ ধন্য হ'ব। এয়ে মুঠতে ৰাসলীলাৰ প্ৰকৃত মৰ্ম্ম।
কাম আৰু প্ৰেম একে বস্তু নহয়। কাম মনোবৃত্তি বা বাসনা কিন্তু প্ৰেম মনোবৃত্তি বা বাসনা নহয়। প্ৰেম একনিষ্ঠ, কাম তেনে নহয়। কামে প্ৰকৃত বস্তুক আশ্ৰয় কৰি আনন্দ ভোগ কৰিবলৈ বিচাৰে; কিন্তু প্ৰেমে বস্তুলৈ অপেক্ষা নকৰি মাথোন অবিমিশ্ৰ আনন্দ লাভ কৰিবলৈ চায়। জীৱৰ আনন্দলিপ্সাই স্বভাৱ; কাৰণ জীৱ আনন্দময়ৰ অংশ। কিন্তু প্ৰকৃত আনন্দ কিহত, আৰু ক'ত, সেইটো কামৰ ছলনাত পৰি জীৱই পাহৰি বা নাজানি, অপদাৰ্থত আনন্দ বিচাৰি ঘূৰি মৰে। কৱি ৰবীন্দ্ৰনাথৰ ভাষাৰে ক'বলৈ গ'লে--
হৃদয়ে জ্বালায়ে বাসনাৰ শিখা,
নয়নে সাজায়ে মিচা মৰীচিকা,
ভাওনাত ভাও দিয়া ভাৱৰীয়াই যেনেকৈ কল্পিত কাৰো ভাও দি আন ভাৱৰীয়াৰে সৈতে ভাওনাৰ কালডোখৰত প্ৰকৃত 'মই'ক পাহৰি ক্ষন্তেকীয়া সুখ-দুখ, বা স্নেহ-মৰম অনুভৱ বা ভোগ কৰে কিন্তু সেই সুখ-দুখ, স্নেহ-মৰম ভাওনা ভগাৰ পিছত আৰু নাথাকে; কাৰণ তেওঁৰ প্ৰকৃত সুখ-দুখ, ভাওনাৰ আগৰ আৰু পাছৰ আচল 'মই'ৰ কাৰ্য্যাৱলী আৰু অনুভূতিতহে, সেইদৰে জীৱৰ প্ৰকৃত প্ৰেম নশ্বৰ প্ৰকৃত সম্ভোগৰ আপেক্ষিক নহয়। ভাও দিওঁতে জীৱৰ আচল 'মই' নকল 'মই'ত বুৰি যায়। তেওঁ তেতিয়া নকল 'মই'ক আনন্দ দিবলৈ প্ৰাণপণে চেষ্টা কৰে। কিন্তু সেই চেষ্টা তেওঁৰ স্বৰূপ ধৰ্ম্ম নহয়। তেওঁ যিমানতে সেই চেষ্টা কৰক, আচল 'মই'ক আনন্দ দিয়াটোহে তেওঁৰ স্বাভাৱিক স্বৰূপ ধৰ্ম্ম আৰু আচল উদ্দেশ্য।
ৰাসলীলাক অশ্লীল ভাবোঁতেই আৰু এটা ডাঙৰ কথা বিমৰিষ কৰি চোৱাটো উচিত যে প্ৰথমতে ৰাসলীলা প্ৰণেতা কোন ? বক্তা কোন ? শ্ৰোতা কোন ? আৰু প্ৰণেতা, বক্তা আৰু শ্ৰোতাৰ অভিপ্ৰায় কি ? আমি এইকেইটা প্ৰশ্নৰ উত্তৰত প্ৰথমতে দেখোঁ যে ৰাসলীলা প্ৰণেতাজন সত্যৱতীসূত মহৰ্ষি কৃষ্ণ দ্বৈপায়ন বেদব্যাস-- যি জনে বেদ বিভাগ কৰিছল, চাৰিও বেদৰ অনেক শাখা কৰিছিল, বেদান্ত দৰ্শন প্ৰণয়ন কৰিছিল, মহাভাৰত আৰু ওঠৰ পুৰাণ ৰচনা কৰিছিল, আৰু যাক ঈশ্বৰৰ চতুৰ্ব্বিংশতি আৱতাৰৰ ভিতৰত এজন অৱতাৰ বোলে ̶
ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি।
দেখিলাহা প্ৰজা ভৈলা আতি অল্পমতি।।
কৰিলা অনেক শাখা চাৰিও বেদৰ।
বক্তা কোন ? মহাভক্ত মহাযোগী জীৱন্মুক্ত পুৰুষ, বিষয়ত বিৰাগী, শুকদেৱ। শ্ৰোতা কোন ? ব্ৰাহ্মণৰ শাপত পৰি থকা, অনুতাপগ্ৰস্ত, মুক্তিকামী, মৃত্যুসমুখত থিয় আৰু প্ৰায়োপবিষ্ট মহাৰাজ পৰীক্ষিৎ। এইবোৰ কথা ভাবিলে, মনলৈ আহিব পাৰে নে যে লোক নিস্তাৰৰ নিমিত্তে অৱতাৰ ধৰোঁতা মহৰ্ষি ব্যাসে, কেতিয়াবা অশ্লীল ঘৃণ্য বিষয় লেখিব আৰু পৰোপকাৰী বসুধৈব কুটুম্বকং শুকদেৱে মৃত্যুৰ মুখত পৰি