পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


প্ৰয়োজন নহয়। জড় পদাৰ্থৰ দৃষ্টান্ত দি এইটো বুজাবলৈ গ'লে সূৰ্য্যৰ দৃষ্টান্ত দিব পাৰি। সূৰ্য স্বপ্ৰকাশ। সূৰ্য্যই আনক যেনেকৈ প্ৰকাশ কৰে, নিজকো প্ৰকাশ কৰে। কিন্তু সূৰ্য্যও যিজনৰ তেজেকে তেজীয়ান, যাৰ জ্যোতিৰে জ্যোতিষ্মান্ সেইজনেই ব্ৰহ্ম। 'তমেৱ ভান্তমনুভাতি সৰ্ব্বম্ তস্য ভাসা সৰ্ব্বমিদং বিভাতি।'

বিষয়ৰ সংযোগত ইন্দ্ৰিয়ৰ স্পন্দন উদ্ভূত হয়। সেই স্পন্দন ইন্দ্ৰিয়ৰ দ্বাৰাই মস্তিষ্ক পায়গৈ। তাৰ পিছত বিজ্ঞানময় কোষলৈ গৈ জ্ঞানত পৰিনত হয়। বৈদান্তিকে কয় যে যেনেকৈ পোহৰে ঘটাদি পদাৰ্থক পোহৰাই প্ৰকাশ কৰে, সেইদৰে বুদ্ধিস্থ ব্ৰহ্মজ্যোতিৰে চিত্তবৃত্তি উজ্জ্বলিত হৈ জ্ঞানৰ আকাৰে প্ৰকাশ হয়। যেনেকৈ স্ফটিক জবা ফুলৰ সংযোগত ৰঙা হয়, নীলা ফুল এটাৰ সংযোগত নীলা হয়, অথচ বাস্তৱিকতে স্ফটিকৰ বৰণ নাই, সেইদৰে চিৎস্বৰূপ ব্ৰহ্ম বা পৰমাত্মাক বিভিন্ন চিত্তবৃত্তিৰ সংযোগত সেই সেই বৃত্তিৰ নিচিনা দেখি; অৰ্থাৎ তেওঁ দুখী সুখী, লোভী কামী এনে যেন দেখি। এই বিভিন্নতা উপাধিৰ নিমিত্তে, বাস্তৱিক নহয়। বাস্তৱিকতে চিৎ নিত্যবস্তু। কোনো কালে কোনো অৱস্থাতে ইয়াৰ বিকৃতি নঘটে। সাৰে থাকোঁতে যিবোৰ জ্ঞানৰ বিষয়, স্বপ্নাৱস্থাত সেইবোৰ নাথাকে। আকৌ স্বপ্নাৱস্থাত যিবোৰ জ্ঞানৰ বিষয়, সুষুপ্তি অৱস্থাত সেইবোৰ নাথাকে। কিন্তু চিৎ জাগ্ৰত, স্বপ্ন আৰু সুষুপ্তি ̶ এই তিনিও অৱস্থাতে বিদ্যমান থাকে।

পৰমব্ৰহ্ম আনন্দস্বৰূপ। ব্ৰহ্মক আনন্দস্বৰূপ বুলিলে কি বুজায়? উপনিষদত লিখিছে 'আনন্দো নাম সুখচৈতন্যস্বৰূপো অপৰিমিতানন্দসমুদ্ৰ অবিশিষ্টসুখৰূপশ্চ আনন্দ ইত্যুচ্যতে।' অৰ্থাৎ ব্ৰহ্মক আনন্দ বুলিলে এই বুজায় যে তেওঁ স্বৰূপ অথচ চিৎৰূপ। তেওঁ অপৰিমিত আনন্দসমুদ্ৰ। তেওঁ নিৰ্ব্বিশেষ সুখ। সেই আনন্দ বিষয় সুখ নহয়। সি সাধাৰণ সুখ-দুখৰ অতীত অৱস্থা। 'আনন্দং নন্দনাতীতম্।' ব্ৰহ্মৰ যে ভূমানন্দ, জীৱই তাৰ এক কণিকা মাথোন পায়, আৰু সেই কণিকাতেই জীৱ মগ্ন। 'ৰসো ৱৈ সঃ। ৰসং হ্যেৱায়ং লব্‌ধ্বানন্দীভৱতি। কো হ্যেৱান্যাৎ কঃ প্ৰাণ্যাৎ। যদেশ আকাশ আননেদা ন স্যাৎ। এষ হ্যেৱানন্দয়াতি।' (তৈত্তিৰীয় উপনিষদ।) অৰ্থাৎ ব্ৰহ্মই ৰস। ৰস আস্বান্দো কৰি জীৱ আনন্দী হয়। যদি আনন্দস্পৰূপ আকাশ (ব্ৰহ্ম) নাথাকিলহেঁতেন তেন্তে কোন জীয়াই থাকিলহেঁতেন। তেৱেঁই আনন্দিত কৰে। 'এতস্যৈৱ আনন্দস্য অন্যানি ভূতানি মাত্ৰামুপজীৱন্তি।' জীৱই যে বিষয়ত আনন্দ উপভোগ কৰে, তাৰ কাৰণ এই যে বিষয়ৰ মাজত সেই ৰসস্বৰূপ ব্ৰহ্মৰ কণিকা প্ৰচ্ছন্ন আছে।

মানহে সদায় সুখ বিচাৰে, কেতিয়াও মৰিব নোখোজে অৰ্থাৎ আত্মাক হেৰুৱাব নোখোজে। ইয়াৰ কাৰণ কি? কাৰণ আত্মা সুখস্বৰূপ। আন বস্তু বা মানুহত যে আমাৰ মৰম সোমায় বা সেই বস্তু বা মানুহ আমাৰ প্ৰিয় হয়, তাৰ কাৰণ সেই বস্তু বা মনুহত আনন্দস্বৰূপ ব্ৰহ্ম আছে। বৃহদাৰণ্যক উপনিষদত এই কথাকে বহলাই কৈছে ̶ 'স হোৱাচন অৰে পুত্যঃ কামায় পতিঃ প্ৰিয়ো ভৱত্যাত্মনস্তু কামায় পতিঃ প্ৰিয়ো ভৱতি।' ইত্যাদি অৰ্থাৎ পতিৰ কামানাৰ নিমিত্তে পতি প্ৰিয় নহয়, আত্মাৰ কামনাৰ নিমিত্তে পতি প্ৰিয়। জয়া, পুত্ৰ, বিত্ত, লোক, এইবোৰৰ কামনাৰ নিমিত্তে