পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৩৬
তত্ত্ব-কথা

উদ্ধাৰিলা তাৰ সৰা তত্ত্ব।।
আগমন পুৰাণ যত        বেদান্তৰ তাৎপৰ্য্য
জানি কৰা ভকতিৰ সাৰ।
শ্ৰৱণ কীৰ্ত্তন বিনা        আন পুণ্যে নপায় জানা
ইটো ঘোৰ সংসাৰৰ পাৰ।। (কীৰ্ত্তন)

       বেদ-বেদান্তাদি শাস্ত্ৰৰ প্ৰমাণৰূপে তেওঁলোকৰ নিমিত্তে আমি ওপৰৰ কথাখিনি কলোঁ। যিসকলৰ মনত শাস্তুৰ প্ৰমাণ বলবৎ নহয়, সেইসকলক চমুকৈ দুআষাৰমান ইয়াকে কওঁ যে ঈশ্বৰ অনন্ত, অখণ্ড, অচিন্তা, অজ্ঞেয় ; তেওঁক জানিবৰ নিমিত্তে জ্ঞানৰ পিছ ধৰি তুমি কি কৰিবা ? তুমি সাগৰত কি কাঠীডাল বাবলৈ গৈছা ? তোমাৰ নিচিনা ক্ষুদ্ৰাতিক্ষুদ্ৰ প্ৰাণী সেই অনন্ত মহাজ্ঞানৰ কণা এটিকে সৰ্ব্বহ কৰি লৈ চকু মেলি আছা, তেনে তুমি যিমানকে তোমাৰ জ্ঞানৰ উৎকৰ্ষ সাধন কৰা, তেওঁক কি জানিবা ? তোমাৰ ভৰিৰ গচকৰ তলত পৰি থকা এজোপা দুবৰি বনৰ পাত এটি কেনেকৈ হ’ল তুমি তোমাৰ আজন্মকাল উপাৰ্জন কৰা জ্ঞানেৰে ক’ব নোৱাৰা বা তেনে এটা বনপাত স্ৰজিব নোৱাৰা। এই ক্ষুদ্ৰ পৃথিৱীত হোৱা এটা ধুমুহা বতাহ বা এটা ভূইকঁপে তোমাৰ অস্তিত্ব এক মুহুৰ্ত্ততে চিৰকাললৈ বিলুপ্ত কৰে। সূৰ্য্যমণ্ডলেৰে সৈতে গঠিত হোৱা এনে কোটি কোটি ব্ৰহ্মাণ্ড যাৰ লোমকূপত –

গোৱিন্দ গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম মুৰাৰি,
অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী।

       এনে কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰীৰ বিষয়ে জানিবলৈ জ্ঞানচৰ্চা কৰি তৰ পোৱা তোমাৰ ক্ষমতা কি জনা আছে ! এতেকে তুমি জ্ঞানৰ মিছা অভিমান কৰি গপ মাৰি নাথাকিবা আৰু তোমাৰ জ্ঞানৰ বহিৰ্ভুত অখণ্ড অসীম জ্ঞানময় ঈশ্বৰকো তোমাৰ জ্ঞানৰ ঠুহাটোত সুমাবলৈ বৃথা চেষ্টা কৰি থাকি নমৰিবা। তুমি ঈশ্বৰৰ অংশ সন্তান ; গোৱিন্দ, মাধৱ, কৃষ্ণ ৰাম নামধাৰী ঈশ্বৰ তোমাৰ পিতা, এই যৎকিঞ্চিৎ অনুভূতি জ্ঞানেই তোমাৰ পক্ষে যথেষ্ট আৰু বেছিকৈ ধুমধুপাল অসাৰ্থক। এতেক হে মনুষ্য, হে বালিচাহি, তুমি জ্ঞান জ্ঞান নকৰি, নিজক ঈস্বৰৰ পুত্ৰ বুলি (বৰং দাস বুলিয়েই ভাল, কাৰণ পুত্ৰ বুলিলে মনলৈ অলপ অহঙ্কাৰ আহিব পাৰে, – তোমাৰ মোৰ অধম মনতো) তেওঁৰ চৰণত কৃতজ্ঞ হৈ ভক্তি কৰা, নিৰ্গুণ তেওঁ তোমাক কৃপা কৰি দিয়া তেওঁৰ গুণময় নাম শ্ৰৱণ-কীৰ্ত্তন কৰা, তোমাৰ মুক্তি হ’ব, তোমাৰ জীৱন ধন্য হ'ব। এই ধৰ্ম্ম আৰু উপদেশদাতা তোমাৰ দেশৰ নিজৰ শ্ৰীমন্ত শঙ্কৰ আৰু গ্ৰহীতা তুমি।

       তুমি ঈশ্বৰক কি দি পূজা কৰিবা ? সকলো তেওঁৰ আৰু তুমি তেওঁৰ কি পূজাৰ মন্ত্ৰ জানা ? “এতাৱন্ত মূৰ্ত্তিশূন্য কেনমতে পূজিবাহা", এতেকে “ৰাম বুলি শুদ্ধ কৰা মন।” আমাৰ কৃপালু শঙ্কৰদেৱে তোমাক মাতিছে, তেওঁৰে সৈতে একে ঠাইতে বহি, সাধুসঙ্গত সজ উপদেশ শুনি, মনৰ বান্ধোন কটাই ঈশ্বৰৰ ৰাম, কৃষ্ণ, হৰি, মাধৱ, গোবিন্দ, বামন নাম লৈ, সেই নামৰ মহিমা অন্তৰত অনুভৱ কৰি, ঈশ্বৰক স্তুতি-নতি কৰি আমি ধন্য হওহঁক। তোমাৰ হৃদয়ত তেতিয়া উদয়াস্ত-বিৰহিত চৈতন্য