পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


নামধৰ্ম্ম-তত্ত্ব


এক

       শঙ্কৰদেৱৰ ধৰ্ম্ম বিশ্বজনীন, উদাৰ আৰু মহান ধৰ্ম্ম। এই ধৰ্ম্ম পুৰণি, প্ৰাচীন, চিৰন্তন, সনাতন যদিও সি শঙ্কৰদেৱৰ দ্বাৰাই ছয়ত্ৰিশ জাতিৰ লোকৰ ভিতৰত নতুনকৈ প্ৰকাশিত আৰু প্ৰচাৰিত। আৰ্য্য ঋষিসকলৰ হৃদয়ত যেতিয়া সৰ্ব্বময় সৰ্ব্বকৰ্ত্তা ঈশ্বৰৰ অসীম মহিমাৰ প্ৰথম উন্মেষ হয় আৰু সেই মহিমাৰে অন্তৰ-বাহিৰ মণ্ডিত হৈ যেতিয়া তেওঁলোকে তপোবনত সাম গান কৰে, যেতিয়া তেওঁলোকে ঈশ্বৰক জানিবৰ নিমিত্তে অনেক কাল সমাধিত বহি থাকোঁতে তেওঁলোকৰ এজনে ঈশ্বৰক হঠাৎ চকামকাকৈ দেখিবলৈ পায় ৰিঙিয়াই উঠিছিল-

শৃণ্বন্তু ৱিশ্বেহমৃতশ্য পুত্ৰা আ যে ধামানি দিৱ্যানি তস্থূঃ।

ৱেদাহমেতং পুৰুষং মহান্তমাদিত্যবৰ্ণং তমসঃ পৰস্তাৎ

       যেতিয়া আন এজনে ক’লে, ময়ো জানিছোঁ “ৰসো ৱৈ সঃ,” আৰু যেতিয়া আন এজনে ক’লে, “ময়ো ঈশ্বৰক জানিছোঁ বুলিও ক’ব নোৱাৰোঁ, নাই জনা বুলিও ক’ব নোৱাৰোঁ”, সেই জ্ঞান ভালকৈ জানিব নোৱৰা, মনে সম্পূৰ্ণকৈ জুখিব, সোঁৱৰণীয়ে ভালকৈ খেপিয়াই ধৰিব নোৱৰা কালতে এই ধৰ্ম্মৰ জনম। এই ধৰ্ম্মৰ বীজ বীজ পুৰাকলাৰ বেদ ঋষিসকলৰ হৃদয়ত পৰমপুৰুষ পৰমাত্মাৰ দ্বাৰায় ৰোপিত আৰু পৰমপুৰূষৰ অপাৰ কৰুণা-বাৰি সিঞ্চিত হৈ অঙ্কুৰিত আৰু পৰিৱৰ্দ্ধিত। এই ধৰ্ম্ম বেদৰ গুপুত বিত্ত, বেদ মহোদধিৰ হৃদয়কন্দৰত আন আন অনেক কম লাগতিয়াল, অসাৰ, অসাৰ্থক বস্তু অথচ আচল ৰত্ন বুলি থকা বিত্তৰ সৈতে এই মহাবিত্ত মিহলি হৈ আছিল। বেদৰ ঋষিসকলে বেদৰ গৰ্ভত এই বিত্ত দেখি চিনি নিজৰ ভোগলৈ ৰাখিছিল আৰু উপযুক্ত শিষ্যক দিছিল; কিন্তু নানা কাৰণত, ঘাইকৈ তাৰ মোল বুজিব নোৱৰা লোকৰ হাতত তাৰ সম্ভৱতঃ আলৈআথানি হোৱাৰ ভয়ত তাক অনেক অসাৰ বস্তুৰ মাজত মিহলি কৰি থৈ দিছিল। ইয়াৰ পিছত দৈৱকীহৃদয়ানন্দন শ্ৰীকৃষ্ণৰ মুখনিঃসৃত গীতাই, শুকপ্ৰোক্ত পুৰাণ-সূৰ্য্য শ্ৰীমদ্ভাগৱতে, পদ্মপুৰাণৰ স্বৰ্গখণ্ডই, বৃহন্নাৰদীয় পুৰাণ আদি সত্ত্বিক গ্ৰন্থই এই ৰত্ন উদ্ধাৰ কৰি ভক্তৰ হৃদয়-সঁফুৰাত স্থাপন কৰে আৰু আমাৰ কৃপালু শঙ্কৰদেৱে “ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল”, “দাতাত চোৰতে সমতুল” হৈ সকলোকে তাক দান কৰি দিলে।

       শঙ্কৰদেৱে ক্ষুদ্ৰ সম্প্ৰদায় গঠন কৰা দূৰত থাকক, ক্ষুদ্ৰ ক্ষুদ্ৰ অনেক সম্প্ৰদায়ৰ ভিতৰুৱা সকলোকে তেওঁলোকৰ খোটালীবোৰৰ বেৰবোৰ ভাঙি ওলাই আহি একে ঠাইতে গোট খাই একেখোটলীয়া ডাঙৰ নামঘৰৰ তলত বহি তেওঁ বিলাই দায় এই মহাৰত্নৰ ভাগ ল’বলৈ উচ্চৰৱে মাতিছিল। তেওঁ ৰাইজক মাতিছিল, - “হেৰা বামুণ, হেৰা শূদিৰ, হেৰা কোচ, হেৰা কেওঁট, হেৰা কলিতা, হেৰা অসম, হেৰা যৱন, হেৰা