পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১২
তত্ত্ব-কথা

       অৰ্থাৎ গুৰুৱে যদি মৌখিক উপদেশ নিদিয়ে; কিন্তু শিষ্যসকলৰ সংশয় ছিগে। তৈত্তিৰীয় উপনিষদত আছে- 'সত্যং জ্ঞানমনস্তং ব্ৰহ্ম।' 'ৱিজ্ঞানং ব্ৰহ্ম।' 'আনন্দং ব্ৰহ্ম ইতি ৱ্যজানাৎ।' বৃহদাৰণ্যকত আছে – বিজ্ঞানম আনন্দং ব্ৰহ্ম। নৃসিংহতাপনীয় উপনিষদত, -- সচিদানন্দময়ং পৰং ব্ৰহ্ম। মৈত্ৰীত, -- সৰ্ব্বপূৰ্ণস্বৰূপোহস্মি সচ্চিদানন্দলক্ষণঃ। ব্ৰহ্মৰ এই এটাইবোৰ ভাব সংগ্ৰহ কৰি সৰ্ব্বোপনিষৎসাৰত এইদৰে কৈছে, সত্যং জ্ঞানম্ অনন্তম আনন্দং ব্ৰহ্ম।

       ব্ৰহ্মক সৎ বুলিলে কি বুজায় ? ইয়াকে বুজায় যে তেওঁৰ সত্তাতেই জগতৰ সত্তা। তেওঁ আছে বুলিয়েই জগৎ আছে। কিন্তু জগতৰ সভা ক্ষৰ, বিকাৰশীল, বিনাশশীল ; ব্ৰহ্ম অক্ষয়, অজৰ, অমৰ। যাৰ সদায় ৰূপৰ ব্যাভিচাৰ নহয়, সিয়েই সত্য। ব্ৰহ্ম সত্য , সেইদেখি তেওঁৰ ক্ষয়-বৃদ্ধি নাই, উৎপত্তি-বিনাশ নাই। কঠোপনিষদত কৈছে – ন জায়তে ম্ৰিয়তে ৱা ৱিপশ্চিৎ। অজো নিত্যঃ শাশ্বতোহয়ং পুৰাণঃ। অৰ্থাৎ তেওঁ সৰ্ব্বদেশত, সৰ্ব্বাকলাত, সকলো অৱস্থাত একেদৰে বিদ্যমান আছে। বেদান্তৰ পঞ্চদশী নামৰ গ্ৰন্থত লেখিছে, ̶ মাসাদযুগকল্পেযু গতা গম্যেম্বনেকধা। নোদেতি নাস্তমায়াতি সম্বিদেষী স্বয়ংপ্ৰভা। অৰ্থাৎ মাহ, বছৰ, যুগ, মন্বন্তৰ, কল্প, কোনো কালতেই যে তেওঁ নাছিল এনে নহয়। তেওঁ নিত্য, তেওঁ স্থাণু, তেওঁ আচল, তেওঁ সনাতন।

       ব্ৰহ্মক চিৎস্বৰূপ বুলিলে কি বুজায়? ইয়াকে বুজায় যে তেওঁ চৈতন্যশক্তি জ্ঞানস্বৰূপ। 'সত্যং জ্ঞানমন্তং ব্ৰহ্ম।' (তৈত্তিৰীয় উপষিনদ।)। অৰ্থাৎ তেওঁ স্বয়ংজ্যোতি, স্বপ্ৰকাশ। তেওঁক অন্য পদাৰ্থই প্ৰকাশ কৰিব নোৱাৰে, তেওঁ নিজকে নিজে প্ৰকাশ কৰে।

       আত্মেবাস্য জ্যোতিৰ্ভৱতি ব্ৰহ্মৈৱ তেজ এৱ।" (বৃহদাৰণ্যক) অৰ্থাৎ ব্ৰহ্ম পৰম জ্যোতি। তেৱেঁই তেজ। তেওঁৰ জ্যোতিতেই সমস্ত জ্যোতি জ্যোতিষ্মান, তেওঁৰ তেজেৰে সমস্ত আলোক দুতিমান। কঠ, শ্বেত আৰু মুণ্ডক উৎ ষদত এই কথাকেই বাৰে বাৰে কৈছে যে –

ন তত্ৰ সুৰ্য্যো ভাতি ন চন্দ্ৰতাৰক নেমা বিদ্যুতো ভান্তি কুতেহয়মগ্নিঃ।

তমেৱ ভান্তমনুভাতি সৰ্বং তস্য ভাসা সৰ্বমিদং বিভাতি।।

       অৰ্থাৎ তাত সূৰ্য্যৰ পোহৰ নাই, বিজুলীয়ে তাত পোহৰ নিদিয়ে গ্নি তাত ক’ত ? তেওঁৰ পোহৰেৰেই সকলো পোহৰ, তেওঁৰ প্ৰকাশেৰেই সকলো পিত। গীতাতো ভগৱন্তই এই কথাকেই কৈছে –

যদাদিত্যগতং তেজো জগদ্ভাসয়তেহখিলং

যচ্চন্দ্ৰমসি যচ্চাগ্নৌ তত্তেজো বিদ্ধি মামকম্।।

       অৰ্থাৎ সূৰ্য্যৰ যি তেজে সমস্ত জগতকে উদ্ভাসিত কৰে, চন্দ্ৰ আৰু অগ্নিত যি তেজ, সেই তেজ মোৰেই।

       ব্ৰহ্ম জ্ঞানস্বৰূপ। তেওঁ চিৎ চৈতন্যময়। আমি যাক প্ৰকৃতি বোলো, জড়বৰ্গ তাৰেই বিকাৰ। ব্ৰহ্ম তাৰপৰা স্বতন্ত্ৰ, চৈতন্যস্বৰূপ। চিতৰ এটি লক্ষণ স্বপ্ৰকাশতু অৰ্থাৎ চিতে নিজকে নিজে প্ৰকাশ কৰে, চিতক প্ৰকাশ কৰিবৰ নিমিত্তে আন পদাৰ্থৰ