পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১১১

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১০
তত্ত্ব-কথা

আজিকালি অনেকে তাৰ আঁৰ লৈ কুকাম কৰাদেখা যায়। এইদেখিহে ইংৰাজীত একাষাৰ কথা আছে "The devil can cite the scriptures to support his wicked deeds" অৰ্থাৎ চয়তানেও তাৰ মতলব সিদ্ধি কৰিবৰ নিমিত্তে তাৰ কথাৰ সমৰ্থন কৰিবলৈ বাইবেলৰ বাক্য উদ্ধৃত কৰিব পাৰে। আমি পাহৰা নাই যে আজিকালিৰ এনাৰ্কিষ্ট (anarchist) অৰ্থাৎ ৰাদ্ৰোহীসকলৰ হাতত একোখন গীতা পোৱা যায়। আৰু কলিকতাৰ মুৰাৰিপুকুৰ বাগানত (তেওঁলোকৰ যত ঘাই আড্ডা আছিল) ৰীতিমতে গীতা পঢ়োৱা আৰু পঢ়োঁতা ৰাজদ্ৰোহী অধ্যাপক আৰু ছাতৰ আছিল। এইটো একে ফুলৰে মৌ, কোদোৰ মুখত পৰি বিহ আৰু মৌমাখিৰ মুখত পৰি মেী হোৱাৰ নিচিনা কথা। 'ত্বয়া হৃষীকেশ' শ্লোক মাতি কুকামৰ পোষকতা কৰোঁতাৰো এনে কথাই। এইটো মন কৰিলেই হয় যে ঈশ্বৰ মঙ্গলময়, কৰুণাময়, ন্যায়বান আৰু সৎ। এনে ঈশ্বৰক যদি আমাৰ সকলো মনোবৃত্তিৰ গৰাকী সম্পূৰ্ণভাৱে পাতি তেওঁৰ আত্মসমৰ্পণ কৰা যায়, তেন্তে তেওঁ আমাৰ দ্বাৰায়, তেওঁৰ সৃষ্টিৰ অমঙ্গলকাৰী কাৰ্য্য কৰোৱাটো একেবাৰেই অসম্ভৱ। তোমাৰ কুকাৰ্য্য কৰিবৰ প্ৰবৃত্তি হৈছে কৰা, কৰি অধঃপাতলৈ যাব খুজিছা যোৱা, কিন্তু ঈশ্বৰে সেই কুকাৰ্য্য তোমাৰ হৃদয়ত থাকি কৰাইছে বুলি কৈ, লোকক ফাকিদি লগেলগে নিজৰ মনো ফাকি আৰু মিছা প্ৰবোধ দি, তোমাৰ বিবেক ঢাকি থৈ sacrilege অৰ্থাৎ অধৰ্ম্ম কৰি মঙ্গলময় ঈশ্বৰত অমঙ্গল ভাব আৰোপ কৰি নিজে নষ্ট হোৱা কিয় ? তোমাৰ অদম্যবাসনা প্ৰবল কুপ্ৰবৃত্তিয়ে তোমাক ককুকাম কৰিবলৈ উদগাইছে, ঈশ্বৰৰ বীণাৰ সুমধুৰ বাণীলৈ তুমি কাণ নিদি কুপ্ৰবৃত্তিৰ ঢাক-ঢোলৰমাতলৈ কাণ দিছা আৰু সেই ঢাক-ঢোল বন্ধ নকৰি তাৰে তোমাৰ হৃদিস্থিত হৃষীকেশৰ বীণাৰ ঝঙ্কাৰ বুৰাইছা, অথচ কৈছ – “ত্বয়া হৃষীকেশ হৃদিস্থিতেন যথা নিযুক্তোহস্মি তথা কৰোমি। কি আপদীয়া কথা! তেনেকৰি বৰং তোমাৰ কোবা উচিত, – লোভ-মোহ-কাম-ক্ৰোধৰ দ্বাৰায় “যথা নিযুক্তোহস্মি তথা কৰোমি।” তুমি ক’বা যে কাম, ক্ৰোধ, মোহ আদিও তেওঁ ঈশ্বৰৰ সৃষ্টি বস্তুহে, তেন্তে সেইবোৰে যিকৰোৱায় সি ঈশ্বৰে কৰোৱা নুবুলিবা কেনেকৈ? আমি কওঁ – হয়, কিন্তু তাৰ use অৰ বিধান ঈশ্বৰে আন প্ৰকাৰেহে কৰিছে, তাৰে তোমাৰ দ্বাৰায় তেওঁৰ সৃষ্টি নাশ কৰিবলৈ আৰু তোমাক ৰসাতললৈ পঠিয়াবলৈ বিধান কৰা নাই। তোমাৰ হাতৰ কটাৰীখনেৰে তুমি তামোল কাটিলে তামোল খাইতৃপ্তি লাভ কৰিবলৈ পাবা, আৰু আঙুলি কাটিলে খঁৰা-আঙুলিয়া হ’বা ; এই কথা। পোহৰৰ তেজ বঢ়াবলৈ যেনেকৈ এন্ধাৰ থাকে, পুণ্যৰ জ্যোতি উজ্জ্বল কৰিবলৈ সেইদৰে পাপ থাকে। এন্ধাৰ পৰিত্যাগ কৰি যেনেকৈ পোহৰলৈ মানুহ যায়, পাপ পৰিত্যাগকৰি তেনেকৈপুণ্যলৈ সন্ত-সাধু যায়। ক'লা ছাইৰে যেনেকৈ ঘঁহি ৰৌপ্যাদি তৈজস দ্ৰব্যহে উজ্জ্বল পেৰাত সুমাবৰ বস্তু। দুনিবাৰ প্ৰবল লোভ-মোহ-কাম-ক্ৰোধক অহোপুৰুষাৰ্থ কৰি বলি দি তুমি পৰীক্ষাত উঠিব লাগে দেখি সেইবোৰ ঈশ্বৰে স্ৰজন কৰিছে। তেওঁ সেই পৰীক্ষা দুৰূপ কৰি দি তাৰে সৈতে তোমাক যুঁজাই তোমাৰ ক্ষমতা বঢ়াই দি তোমাক প্ৰবল আৰু উন্নতি কৰিছে। তুমি তাকে নুবুজি বা বুজিব নুখুজি সেই ৰিপুবিলাকৰ অধীন হৈ থাকা আৰুকোৱা, – ঈশ্বৰে যেনে কৰাইছে,