পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৭
কীৰ্ত্তন আৰু ঘোষা-তত্ত্ব

       শেহত কিন্তু প্ৰহলাদে এখুদমান বৰ এটি নৃসিংহৰ ওচৰত মাগিলে। বৰটি কি চোৱা।

তযু পাৱে মাগো এক বৰ।
তুমি প্ৰভু জগত ঈশ্বৰ।
তোমাক নিন্দিলে পিতৃ মোৰ।
সিজিল পাতক মহাঘোৰ।।
তাত হন্তে পিতৃ নিস্তৰোক।
এতেক প্ৰসাদ দিয়া মোক।।

       এই প্ৰাৰ্থনা ভক্ত, বৈষ্ণৱৰ প্ৰাৰ্থনা। নিজৰ উপকাৰৰ নিমিত্তে নহয়, পৰৰ উপকাৰৰ অৰ্থে আৰু সেই পৰ এনেজনে যি তেওঁক নগুৰ-নাগতি কৰি শাক্তি কৰিছিল, জুইত পেলাইছিল, পৰ্ব্বতৰপৰা বগৰাই দিছিল, যাঠিৰে খুঁচিছিল।

       এই প্ৰাৰ্থনাৰ উত্তৰত ভক্তবৎসল নৃসিংহ মহাপ্ৰভুৱে ভক্তৰ বিষয়ে কি ক’লে এবাৰ ভালকৈ মন দি শুনা, –

নৃসিংহে বোলন্ত হাসি শুনিয়ো প্ৰহলাদ।
দিবেক নলাগে তোক ইসৰ প্ৰসাদ।
পৰম বৈষ্ণৱ তই পুত্ৰ ভৈলি যাৰ।
একৈশ পুৰুষ তাৰ কৰিলি উদ্ধাৰ।
যৈত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ।
কীটপতঙ্ককো তথা কৰয় পবিত্ৰ।
নকৰে প্ৰাণীক হিংসা নাহি একো স্পৃহা।
আমাত অৰ্পণ কৰে আপোনাৰ দেহা।
ভকততে শ্ৰেষ্ঠ তই পাইলি বাঞ্ছা সিদ্ধি।
কৰিয়ো পিতৃৰ প্ৰেতকাৰ্য যেন বিধি।
মোত চিত্ত দিয়া কাৰ্য্য কৰিয়ো সন্তোষে।
তবে কি কৰিব আৰ সংসাৰৰ দোষে।।

       গীতোক্ত কৰ্ম্মযোগ, জ্ঞানযোগ, ভক্তিযোগ আৰু ভক্তৰ লক্ষণ, জীৱহিংসা, প্ৰাণীবধ নিষেধ, সকলোৰে চুম্বক সাৰাংশ ওপৰৰ কেইশাৰীত আছে। প্ৰহলাদৰ উপাখ্যানৰ কথাবোৰ আমি মহাপুৰুষ শ্ৰীশঙ্কৰদেৱৰ কীৰ্ত্তন পুথিৰপৰা তুলি যে দিছোঁ এইটো নক’লেও হ'ব। এনে বিশ্বজনীন উদাৰ মহান সাত্ত্বিক বিমল ধৰ্ম্ম আমাৰ শঙ্কৰদেৱে প্ৰচাৰ কৰি গৈছে ; তথাপি তাৰ মোল বুজিব নোৱাৰি তাক অৱহেলা কৰোঁ। এনে ধৰ্ম্মতকৈ নিৰ্ম্মল বিশুদ্ধ ওখ ধৰ্ম্ম পৃথিৱীত দ্বিতীয় আছে বুলি আমি নেজানো। ভাই অসমীয়া ! এনে মহাধৰ্ম্ম, এনে মহাৰত্ন, তুমি হেলাত নেহেৰুৱাবা; উঠা, সাৰ পোৱা, মোহ-নিদ্ৰাত আপোনাকে পাহৰি আৰু নাথাকিবা, আৰু সময় নাই। যি অকিঞ্চিৎকৰ বিষয়-সুখত ভোল গৈ আছা, সি তোমাক নেতাৰে।

বিষয়ৰ সুখ এক তিলে কৰি চুৰ।
যমৰ কিঙ্কৰে ধৰি নিব যমপুৰ।