পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

য এব স হৰিঃ প্ৰোক্তঃ সমটৰ্ন্তেভক্তসাধকৈঃ।।
স্মৰণ মাত্ৰকে        যিহেতু দুৰ্ঘোৰ
সংসাৰ দুখ হৰন্ত।
এহি হেতুতেসে        ঈশ্বৰক হৰি
বোলয় যত মহন্ত। (ঘোষা)

       চোৱাচোন, মহাভক্ত মহাদেৱ শিৱই মহানিৰ্ব্বাণতন্ত্ৰত জগত্মাতা পাৰ্ব্বতীদেৱীৰ উত্তৰত কৈছে –

কলৌ পাপযুগে ঘোৰে তপোইনেহতিদুস্তৰে।
নিস্তাৰবীজমেতাৰৎ ব্ৰহ্মমন্ত্ৰস্য সাধনম্।
সাধনানি বহুক্তানি নানাতন্ত্ৰগমাদিষু।
কলৌ দুৰ্বলজীৱানামসাধ্যানি মহেশ্বৰি।
তেষাং হিতায় মোক্ষায় ব্ৰহ্মাগোয়মীড়িতঃ।

       নাদ-ব্ৰহ্ম, শব্দ-ব্ৰহ্ম, নাম-ব্ৰহ্ম - এইবোৰ একে কথাই। নামেই ব্ৰহ্ম, নাম গালেই ব্ৰহ্মৰ উপাসনা হয়।

ন নাদেন ৱিনা জ্ঞানং ন নাদেন ৱিনা শিৱঃ।
নাদৰপং পৰং জ্যোতিনাদৰূপী স্বয়ং হৰিঃ।।

       অৰ্থাৎ নাদ (শব্দ বা নাম) ব্যতীত জ্ঞানেই নহয়। মঙ্গলময় শিৱ শব্দ-বিৰহিত নহয়। জ্যোতিৰ্ম্ময় পৰমব্ৰহ্ম নাদৰূপী হৰি পৰমেশ্বৰ স্বয়ং নাদৰূপী অৰ্থাৎ নামৰূপী।

       এই নামৰূপী পৰমব্ৰহ্মৰ উপাসনা আমাৰ যিজন পৰম কৃপালু শঙ্কৰদেৱে প্ৰচাৰ কৰি গ’ল, সেইজনৰ ওচৰত কৃতজ্ঞতা জনাই –

নাম লোৱা বাপুসকল, নকৰিবা হেলা।
নামে সে ৰাখিব ঘোৰ সঙ্কটৰ বেলা।
হৰেৰ্নাম হৰেৰ্নানাম হৰেৰ্নামৈব কেৱলং।
কলৌ নাস্ত্যেব নাস্তোব নাস্তোব গতিৰন্যথা।।

       এতেকে ভাই ! ভয় নাই – ভয়ৰতো কথাই নাই, পৰমানন্দ মিলিব কায়বাক্যমনেৰে ৰাম বোলা, কৃষ্ণ বোলা ! সকলো নামৰ সাৰ ৰাম কৃষ্ণ নাম। ঈশ্বৰে দঢ়াই কৈছে, promise কৰি কৈছে -

মাধৱে বোলন্ত মোক        কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি
সততে সুমৰে যিটোজন।
জল হন্তে যেন পদ্ম        নৰকৰপৰা তাক
আপুনি উদ্ধাৰোঁ ৰঙ্গ মন। (ঘোষা)


তিনি

       ভক্তি হৃদয়ৰ বস্তু, মূৰৰ নহয় ; সেই বাবে তাৰ মূল্য বেছি। হিয়াৰ বস্তুৰ মোল যে মূৰৰ অৰ্থাৎ মগজুৰ বস্তুতকৈ সৰহ এই কথা আমি সকলোৱে চিৰকাল স্বীকাৰ কৰি আহিছে। ঈশ্বৰ কত আছে বুলিলে আমি হিয়ালৈহে আঙুলিয়াওঁ, মূৰলৈ