পৃষ্ঠা:ডেকা-গাভৰুৰ লক্ষণ চৰিত্ৰ.djvu/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৫ ]


ডেকা চাৰি ৰকম।

শশক, মৃগঁ, বৃষ, আৰু অশ্ব।

শশক ডেকাৰ চিন।

 যি শশক ডেকা হব, তেওঁ বৰ গহীন, পৰৰ তিৰো- তাৰ মখ নেচায়, সততে সঁচা কথা কয়, বৰ থিৰ জুৰ আৰু স্বভাৱ চৰিত্ৰত ভাল, কোনো পাপ কামত মন নিদিয়ে আৰু ধৰ্ম্মত মতি হয়,

মৃগ ডেকাৰ চিন।

 যি মৃগ ডেকা হব, তেওঁৰ মন বৰ চঞ্চল সদায় আনন্দত থাকে , বৰ বলী হয়, হাত ভৰিৰ আহ বিলাক দীঘলীয়া নাচ আৰু গান শুনিবলৈ বৰ ভাল পায়, আলহি অতিথিক ভালকৈ সোধা পোছা কৰে আৰু চকু জুৰিলৈ চালেই যেই সেই মানুহৰ মৰম লাগে।


বৃষ ডেকাৰ চিন।

 যি বৃষ ডেকা হব, তেওঁৰ চকুত টোপনি নাই,