পৃষ্ঠা:টেটোন তামুলী.pdf/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধনাই।—(আপোনা আপুনি)ঔ কটা, ল’ৰাটোৰ ভেঙুচালিখন বাঢ়ি হে গৈছে। (ফুটাই) হেৰ’, বায়েৰো নাই হ’বলা ঘৰত?

টেটোন।—(ভোৰভোৰাই) বাৰু, অলপ শাম কাটিছে। (ফুটাই) নাই, ভিনীহি, বাইটিও নাই ঘৰত। বাইটি সাগৰ চালি মাণিক তুলিবলৈ গৈছে।

ধনাই।—(আপোনা-আপুনি) ই কটা বৰ আধাকটা ল’ৰা। ভাল কথা সুধিলে সি পেংলাই হে কৰে! বাৰু, ৰবি, ময়ো চুঙা চাই সোপা দি থওঁ। (ফুটাই) হেৰ’, বাপেৰ আহিলে ক’বি, বুলি, ভিনীহি আহিছিল, কাণমাৰিলৈ তহঁতৰ বৰ চঁপা গছজোপা কাটি নিবলৈ; পিছে, ঘৰত মানুহ নেপাই উলটি গ’ল।

টেটোন।—(ভোৰভোৰাই) আও! ম’হৰ শিঙত কঁকিলা-দাৰ্। এওঁৰ বুধিৰ লৰটো অমুকাই লগ নেপামগৈ যেন ভাবিছে! আৰু হেনো ঘৰত মানুহ নেপাইহে এওঁ এতিয়া ওলটে! আমি এওঁৰ মানত মানুহেই নহওঁ। বাৰু, ৰবি, বাপেৰে, মানুহ নে গৰু দেখুৱাম। (ফুটাই) এ, ভিনীহি, চঁপাগছৰ আশাটি এৰিলেই ভাল। আমাৰ দাঁত-খৰিকা কৰিবলৈ বুলি সেইজোপা গছ বোপায়ে মোক কাটিবলৈ কৈ থৈছে। পিছে, মোৰ নলীয়া কটাৰিখন ধৰাই ল’বলৈ শিল পোৱা নাই দেখিহে আজিও কাটিব পৰা নাই; পৰ্ব্বতলৈ শিল বিচাৰি যাওঁ বুলি হে ভাবিছোঁ।

ধনাই।— (আপোনা-আপুনি) উঃ কটা। ই শুদাশুদি ল’ৰা নহয়। ইয়াৰে সৈতে উত্তৰা-উত্তৰি কৰিবলৈ গ’লে আৰু লাজ হে পাব লাগিব। (খং দেখুৱাই) হেৰ, বান্দৰ! তোৰ সৈতে মই চুপতি কৰিবলৈ অহা নাই, জানিছ। কটা, কুকুৰ, ল’ৰাই লাই পাই গললৈকে জঁপিয়াৱ দেখোন!

      (উচাৎ মাৰি ধনাই গুচি যায়)