পৃষ্ঠা:টেটোন তামুলী.pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পঞ্চম অঙ্ক।

প্ৰথম পট,—ফুকনৰ পদুলি।

 (ৰংদৈয়ে পদূলি সাৰি থাকে, এজনী গঞানী প্ৰৱেশ কৰি, পদূলিৰ আগেদি পথাৰলৈ যায়)।

গঞানী।— অ, ৰংদৈ বাই! কি কৰিছ?

ৰংদৈ।— এ, যি কৰিব লাগে, তাকে কৰিছোঁ, নেদেখিছ? বিয়াৰ পাচত, পদূলিটো অৰণ হৈ আছিল, তাকে সাৰিছোঁহি।

গঞানী।— এৰা, আইদেউৰ বিয়াখন লাচতে পাৰ হৈ গ’ল, বাই!

ৰংদৈ।— এৰা ডাঙৰীয়া-বিষয়া ঘৰৰ বিয়া বুলিলে এনেকুৱাই; হ’ব লাগে বোলোঁতেই ঘপহকৰে হৈ যায়। ৰজাই ৰ বোলোঁতেই ৰৈ যায়; বিষয়াই ব বোলোঁতেই বৈ যায়।

গঞানী।—আইদেউৰ মনটিলৈ চাই হ’লে, আগডোখৰত বিয়া নহ’বগৈ বুলিহে ভাবিছিলোঁ।

ৰংদৈ।— এৰা, নাম-গুৰি নোহোৱা বাটৰুৱা বোটলা ডেকা এটাৰে সৈতে মন্ত্ৰী ডাঙৰীয়াৰ জীয়ৰী আইদেউৰ বিয়া হ’ব বুলিনো কোনে জানিছিল? সেই বিয়াৰ কথন-মথন শুনি আইদেউ কান্দি-কাটি বাউলীটি হৈছিল!

গঞানী।— এতিয়া পিচে? আইদেউৰ মনটি কেনে দেখিছ?

ৰংদৈ।— কেনে হ’ব আৰু, বিয়া দিলে যেতিয়া পিতলেই সোণ হ’ল। এতিয়া দুইৰো বৰ মিল, বৰ চেনেহা-চেনেহী।