পৃষ্ঠা:টেটোন তামুলী.pdf/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


টটোন।— আৰু, এই ভাৰখনত ধনেই আছে নে বস্তুৱেই আছে, মই কাকো ক’বলৈকে পোৱা নাই নহয়। পোনেই ওলাই আহিয়েই তোকে হে দেখা পাইছিলোঁহি বাই! ভাতসাঁজ আৰু ধনগালৰ কথা ইয়াতে হে যি ওলাল, আনক ক’বলৈ নো কি দৰকাৰ পৰিছে?

চম্পা।— (মনতে) আন কেৱে নাজানিলে ৰাখিব পাৰি হবলা ধনখিনি! (ফুটাই) বাৰু, দে দিহা লগাই, খাওক এসাঁজ।

ৰংদৈ।— বাৰু, কওঁগৈ তেনেহলে চাংমাইক ভাত দিবলৈ।

টেটোন।— ঔ ৰাম! পোনেই ভাত বুলিয়েই ভাত নে? এই ফালে মানুহৰ গা-পা ধোৱাৰ দস্তুৰ নাই হবলা?

চম্পা।— ৰংদৈ, পানী দে বাৰু, গা ধুই লওক।

ৰংদৈ।— সৌৱা নহয় পানী। চোঁতালৰ আগত দিয়াই আছে। ধুলেগৈয়ে হয়।

টেটোন।— ধুলেই হয় নুবুলি, ধুৱালেই হয় বুলিলে হে আছিল ভাল। লাখটকীয়া ভাতৰ পাতত বহিবলৈ আকৌ নিজে গা ধুব লাগিব নে?

ৰংদৈ।— অ, মই ধুৱাই দিব লাগে?

টেটোন।— বাৰু, তয়ে লাখটকীয়া আইদেউ হব পাৰ যদি, দেহি ধুৱাই, একো কথা নাই।

ৰংদৈ।— এ, আমি কেনেকৈ হম আইদেউ। আমাৰ ইমানটো ভাইগ্‌, কাহানি হব! পিচে, আইদেউ! কি বোলে এতিয়া? মোৰ মনেৰে দিয়কগৈ পানীকলহ ঢালি, কোনে নো দেখিবলৈ আহিছে? (টেটোনক) ভকত। যোৱাঁ, বহাঁগৈ সৌ গা-ধোৱা পীৰাতে। মই যাওঁ, ভাত আনিবলৈ কওঁগৈ। (ৰংদৈৰ প্ৰস্থান, টেটোনে গাৰ কাপোৰ-কানি থৈ গা ধুবলৈ ভিতৰ সোমাই বহেগৈ)।

চম্পা।— (নেপথ্যত, ইফালে-সিফালে চাই লৰালৰিকৈ গৈ পানী ঢালি দি আহি লাজত তলমূৰকৈ এফলীয়া হৈ ৰয়।)