পৃষ্ঠা:টেটোন তামুলী.pdf/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দ্বিতীয় পট,—চম্পাৱতীৰ বুলনি ঘৰ।

চম্পা।— (প্ৰৱেশ) কিনো কথাঐ! ক’ৰনো ডেকা ওলালেহি এইটো? অতবোৰ সোণৰ মোহৰ সি পাব ক’ত? মিছা বুলিবলৈকো, ৰংদৈৰ মুখৰ কথা। তাই কেতিয়াও মোৰ আগত মিছা কথা নকয় আৰু তাই তেনে চতৰ-বতৰ তিৰোতা নহয়। (টলকা মাৰি ৰৈ) বাৰু, সঁচাই যেনিবা; মতাইছোঁ নো কিয়? সামান্য মানুহৰ দৰে আমি তো আৰু বাটৰুৱা এটাক ভাত এসাঁজ খুৱাই ধন লব নোৱাৰোঁ। লোকে শুনিলে কি বুলিব! নাক-কাণ কটা কথা!

     (টেটোনৰ সৈতে ৰংদৈৰ প্ৰৱেশ)

ৰংদৈ।— এইটো, আইদেউ, চাওক; মিছা ভাবিছিলে।

টেটোন।— (কানৰ পৰা ধনৰ ভাৰখন পেলাই) উঃ! হৰি গুৰু বান্ধৱ কৃষ্ণ গোৱিন্দ মোৰ স্বোৱামী! ৰাম, ৰাম, ৰাম! এ, এই ঘৰত বহিবৰো দিহা নাই! (ওচৰতে তুলি থোৱা বৰপীৰাখন নিজে পাৰি লৈ বহে।)

চম্পা।— (সামান্য মানুহ টেটোনক বৰপীৰাত বহা দেখি লাজ পাই আঁতৰি যাব খোজে) হৈছে আৰু, দেখিলোঁ। ৰংদৈ, তাক যাবলৈ ক।

টেটোন।— ই এ! ‘যাবলৈ ক’ আকৌ কি! ভাত এসাঁজ খুৱাই ধনখিনি ল’বলৈ মাতিছে বুলি মাতি আনিছে। এতিয়া আকৌ টাং-বাংখন কিহৰ? মানুহক এইদৰে লাঞ্ছনা কৰাটো জানো ভাল মানুহৰ দস্তুৰ? নেলাগে যদি, অইনৰ ঘৰত দিমগৈ, কি আছে! এক লাখ সোণৰ মোহৰ দিনো ভাত এসাঁজ নেপাম বুলি জানিছা নে? তথাপি, বাটৰুৱা মানুহক এইদৰে লঘু কৰিবহি নালাগে। মই হ’লে এই কথা ঘৰে ঘৰে বিকাই ফুৰিম!