পৃষ্ঠা:টেটোন তামুলী.pdf/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


চতুৰ্থ অঙ্ক।
⸺⸺
প্ৰথম পট,—ফুকনৰ গাভৰু-টোল।
(চম্পাৱতীয়ে ফুলনিত ফুল তুলি ফুৰে।)

চম্পা।— দেহিঐ। কেনেকৈ ফুলি আছে ফুল কেপাহি! তুলিবৰে সত যোৱা নাই,⸺ছিঙ্গোতেই যেন কোমল ঠাৰিটিয়ে দুখ পায়। তুলি লওঁতেই যেন কেনেবাকৈ পাহি সৰি মাটিত পৰে। আইঐ দেহি! সৌ কলিয়া ভোমোৰাটিলৈ চোৱাঁ! গোলাপ পাহীক চুমা এটি দিবলৈ গুণ্‌গুণাই কেনেকৈ কাবৌ কৰি ফুৰিছে! দেহি, চিকুণ কলিয়াটিৰ প্ৰেমালাপত ফুল কেপাহী কেনেকৈ পমি যোৱাদি গৈছে। ব্ৰজৰ গোপিনীয়ে হে যেন কলিয়া কানাইৰ বাঁহীৰ সুৰত আপোন-পাহৰা হৈছে।

ৰংদৈৰ প্ৰৱেশ

ৰংদৈ।— এ আই! আইদেৱে আজি অকলে অকলে ফুল তুলি ফুৰিছেহি। আন ছাৰি আজি মোকো নিচিাৰিলে।

চম্পা।— অ, ৰংদৈ? আহিছ।

ৰংদৈ।— হয়, আইদেউ, আহিছোঁ। কিয় আহিছোঁ তাকো সোধক, তেহে আকৌ অহাৰ ওৰ্‌টো ওলায়।

চম্পা।— কিয়, তই তো মোৰ কাষলৈ আহিবিয়েই। কিয় আহ, কেতিয়াবা সোধোঁ জানো?

ৰংদৈ।— নোসোধে আইলেউ। পিছে, আজি নমতাকৈয়ে ওলালোঁহি, সেই হে।

চম্পা।— আনকাল নমতাকৈ তই জানো মোৰ ওচৰলৈ কেতিয়াও নাহ?

ৰংদৈ।— আহোঁ, আইদেউ।