পৃষ্ঠা:টেটোন তামুলী.pdf/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

টেটোন।— ভাল দেউতা-ঈশ্বৰ! কিন্তু টকাকৈ হ’লে বলে পৰা নহ’ব। ৰূপৰ সলনি সোণৰ মোহৰ দিবলৈ গাত লওক দেউতা-ঈশ্বৰ!

ৰজা।— বাৰু, দিব যা। ৰূপ হ’লেও, সোণ হ’লেও সেই একেই। তাৰ মূল্য লৈ হে কথা।

ফুকন।— এতিয়া বিদায়হে স্বৰ্গদেৱ! উঃ কটা, কি কুক্ষণত ওলাইছিলোঁ আজি।

টেটোন।— আজি নহয়, ডাঙৰীয়া-দেউতা, সেই দিনাহে।

ৰজা।— বাৰু, যোৱাহঁক এতিয়া। আশা কৰোঁ, মিলাপ্ৰীতিৰে আৰু যুক্তি-সঙ্গতকৈ বিষয়টোৰ মীমাংসা হ’ব।     (প্ৰস্থান)


৩য়, অঙ্কপাত।