পৃষ্ঠা:টেটোন তামুলী.pdf/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় পট,—গাওঁবাট
(দুটা হাটৰুৱা)

১ম।— উঃ! অতি টান পালোঁ হয় দেও! মোৰপৰাই কিনি আকৌ মোকে বেচিবলৈ বিচাৰে! বুপাইঔ! কিনো টেটোন ওলালেহিঔ!

২য়।— হেৰ, কিন্তু অজলা ককাই! তই কিন্তু কথাত হে টেটোন বুলিছ, সচাঁকৈয়ে হেনো টেটোন এটা কিন্তু ওলাইছেহি। তই কিন্তু শুনা নাইনে?

১ম।— ওঁ-হুঁ, মই একো শুনা নাই বোপাই! অ, আজি মোক পোৱাটোৱেই নে কি? আও! সেইটোৱে পালে হ’লে জীয়াই জীয়াই বেচি খাব বোপাইঔ!

২য়।— সেইটোৱেই কিন্তু হব পায়। মই কিন্তু চিনি নেপাও, শুনিছোঁহে। আও, নামে-গাঁৱে কিন্তু টেটোন হেনো ককাই! কথাৰে কেৱে কিন্তু বলে নোৱাৰে, মন্ত্ৰীও কিন্তু বিগৰে। সিদিনা কিন্তু তিনিটা কথাৰেই তিনিখন গোচৰ কিন্তু টিলিকিতে উৰাই দিলে।

১ম।— বাৰু, কোনে নো নামে-গাঁৱে টেটোন? কচোন ক, বাৰু শুনিয়েই থওঁ।

২য়।— এৰা, কিন্তু কথাতহে যোজোনা দিয়া কিন্তু শুনিছিলোঁ টেটোন বুলি, এতিয়া কিন্তু সঁচাকৈয়ে টেটোন নামেৰে কিন্তু চেঙ্গেৰা ডেকা এটা কিন্তু ফুৰিছেহি। ককাইটিঐ! তাৰ কিন্তু কথা কিন্তু শুনিয়েই কিন্তু তল যাওঁ!

১ম।— কেনে নো, হেৰ, কচোন। ভাঙ্গি ক’লে কিবা দায় লাগে নেকি? থোৰতে নো থৱ কিয়?

৫৫