পৃষ্ঠা:টেটোন তামুলী.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হালোৱা।— মোক এফেৰি উপকাৰ কৰক দেউতা হে। ঈশ্বৰে হে মিলাইছে আপোনালোকক ইখিনি পৰত।

টেটোন।— ভাল, আমি সাজু আছোঁ। পৰৰ উপকাৰ কৰাটি আমাৰ পিতৃধৰ্ম্ম। বাৰু, বাটতে ধৰম ফেৰি আৰ্জি লওঁ। কি কৰিব লাগে কোৱাঁ মাখোন।

হালোৱা।— হে, দেউতা হে, লৰ মাৰি গৈ সৌ বাঘৰ বুকলৈ যোৱা গৰুটো মাৰ এটা মাৰি ৰাখি দিয়াঁগৈ দেও হে। আৰু, ইগৰাকীয়ে ইটোলৈ, খেদা এটা মাৰাঁ দেউতা হে।

গৃহস্থ।— অঃ, সেইটো হব নোৱাৰে। মই এইটো চোৰ ধৰি ৰজাৰ আগলৈ আনিছোঁ। ইয়াক মই এৰি দিব নোৱাৰোঁ; ই মোৰ হাতত বন্দী।

টেটোন।—এ, মই বন্দী হে, তুমি যে আকৌ মোৰ লেজুত ধৰা বন্দীৰো বন্দী। বাৰু, তুমি এৰিব নোৱাৰা থাকাঁ। তোমাৰ তো ধৰমলৈ মতি নাই। আৰু, মোৰ পেটজনাক পুজা নিদি তুমি ঘৰতে পাপ লগাই আহিছাই। মোৰ হলে পাপলৈ বৰ ভয় দেও। চাওঁ, এৰাঁ, লৰ মাৰি ধৰম ফেৰা আৰ্জি আহোঁ। (গৃহস্থৰ হাতৰপৰ আজোৰ মাৰি এৰাই আগ বাঢ়ে)।

গৃহস্থ।— (অবাক্ হৈ ভোৰভোৰাই) উঃ কটা, চোৰৰ ধৰমলৈ মতি! মই হে অকল ধনতে মজিছোঁ! বাৰু, ইয়াক যাবলৈ দিওঁ। তাৰ পুণ্যৰ এভাগ কিজানি ময়ো পাম। কিয়নো, মই এৰি দিলে হে সি যাবলৈ পাব। (ফুটাই) বাৰু যা, নপলাবি আকৌ।

টেটোন।— বাৰু, সেইটিলৈ ভয় কৰিব নেলাগে। অমুকাই পলৰীয়া নাম নলয়। চাই থাকাঁ, এটা লৰত পুণ্য আৰ্জ্জিমগৈ; আৰু উলটি ইটো লৰত পৰৰ গাত পাপ থমহি।

হালোৱা।— এৰা, যোৱাঁ দেউতা হে, বেগাই যোৱাঁ। গুণ নহয় তেও ধৰম

হব। পাকতে মই ইটো আগচি আনোগৈ।