পৃষ্ঠা:টেটোন তামুলী.pdf/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


গৃহস্থ।— এৰা, পাটীত পৰি নো লাভ কি! তাতো কাণেৰে পহৰা দিয়া হে!

শো: কো: পৰা।—তেন্তে, দিনত শুই ৰাতি পহৰা দিবলৈ নিয়ম কৰাইভাল। এই দৰে টোপনি খতি কৰিলে গা নাঠাৱৰে নহয়।

গৃহস্থ।—হয়, নিয়মটো বেয়া নহয়। এতিয়াৰপৰা তাকে হে কৰিব লাগিব। বাৰু, গৈছোঁ।        (দুৱাৰ-ঘৰ আকৌ চকুফুৰাই চাই প্ৰস্থান)

○○>○<○○


তৃতীয় পট,—
বৰঘৰৰ ভিতৰ।

(শোৱা-কোঠাত চাকি এটি মিট্‌মিট্‌কৈ জ্বলি আছে;
চোৰ দুটাই দুৱাৰ মেলি টেটোনক ভিতৰলৈ
সুমাই দি চোৰাং চাই থাকে।)

টেটোন।—(আন্ধাৰত বগুৱাবাই বস্তু বিচাৰে) আন বস্তু মোক নেলাগে; সান্দহৰ কলহ এটা বিচাৰি পালেই হয় এতিয়া। (খপিয়াই ফুৰি) অ, বহালোঁ বাপেকে, এইটো গুড়ৰ টেকেলিয়ে ধৰা দিছে! এতিয়া সান্দহৰ কলহটো লগ পালেই মোৰ গা ৰব বাপেকে। ( খপিয়াই ফুৰে) এঃ নেপাওঁচান! আও! এই ঘৰৰ গৃহস্থ বৰ কট্‌কিনা মানুহ দেও! পেট মাৰি পইচা সাঁচিছে। চহকী হবলৈ বৰ মন ঔ! বাৰু, অলপ ৰবি, চহকী কৰিম বাপেৰে! মোৰ পেটৰ জুইকুৰা নুমাই লবলৈ হে চাইছোঁ। (খপিয়াই ফুৰোঁতে এটা ভগা ঢোলত হাত পৰে} অ, এইবাৰ হে বাৰ, বহালোঁ বাপেকে! (লুটীয়াই বগৰাই হাত ফুৰাই