পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
৪৯
 
৩৫

প্ৰত্যেক থাণিকা   খনিতে যদিহে,
  অলেখ পৰাণি আছে;
তেন্‌তে মুঠতে   বিশ্ব-জগতত,
  কত যে পৰাণি আছে!!

 
৩৬

আমাৰ পথিবী   খনিও মাথোন
  তাৰেহে মাজৰে এক,
আনেৰে বিজালে   নিচেই সৰুই,-
  নটা ও নোজোৰা, ঠেক।

 
৩৭

ইয়াতে দেখোন—   কত যে পৰাণি,
  চাৰি মহাদেশ যুৰি—
এচিয়া, য়ুৰোপ,   আফ্ৰিকা, পতাল—
  সাগৰ সমুদ্ৰ পুৰী।

 
৩৮

ই চাৰি খনিতো,   বেলেগে বিভাগে,
  কত যে নুমলী দেশ —
ইংলণ্ড, ভাৰত,   কানাডা, মিছৰ
  জীৱৰো কত যে ভেশ।

 
৩৯

ভাৰতবৰ্ষৰো   এচুকে, আমাৰ
  আজলী অসম খনি;
অসম দেশতো   এঘাৰ বিভাগ,
  খোলাও এঘাৰ খনি।