পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
জ্ঞান-মালিনী
 

 ১০
অনন্ত আত্মাৰ   অনন্ত যুঁজত,
জিকাৰু-নিছান তুলি,
মাতিছে আমাক,   অনন্ত বাটত
আগুৱা হ'বলৈ বলি।

 ১১
বিবেক-বুধিৰে   কাটি কোনো মতে
সংসাৰ-ভেলেকী-বাণ,
ঠাৰে ওচিয়াৰে   আমাকে মাতিছে
হ'বলৈ উন্নত প্ৰাণ।

 ১২
আহাহা! কি দৰে   জিলিকি চমকি
মুকুতা-চাঙটি হেন,
গোটেই আকাশ   পোহৰ কৰিছে,
‘যুবিলী’—দেৱালী যেন!

 ১৩
ইয়াকে চাইহে,   লৰালি কালত,
কত নো পালোঁ যে ৰঙ;
কত নো হাঁহিলোঁ,   কত নো মাতিলোঁ
কত নো কৰিলোঁ খঙ।

 ১৪
কিন্তু হা! এতিয়া,  বিজ্ঞান-পোহৰে
অবিদ্যা-ঢাকনী ডাঙি।
অজলা কালৰ   সকলো ভাবনা
খেদালে, ভোঁহাৰি ভাঙ্গি।