পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
জ্ঞান-মালিনী
 

১৭
আৰু
(ক)
ডেকা বয়সৰ হায়!  সেই ‘চেহেৰাটি' পায়
 ফুৰা আজি তোমালোকে অহঙ্কাৰ কৰি,
এই চাই থাকোঁতেই,  দুদিনৰ পাছতেই,
 ৰাহু-বুঢ়াকালে আহি নিব তাকো হৰি!

(খ)
জেওৰাৰ খৰি যেন  কৰিব যে এনে হেন—
 নিপোটল শৰীৰকো অতদূৰ খীণ;--
এই সোণা বৰণৰ  এনেৰূপ গঢ়নৰ,
 –নেথাকিব ক'তো কেনি একণকো চিন!

(গ)
লাহতী-সেওঁতা—ফলা,  মহি-বৰণীয়া ক'লা
 নিতে—'পমেটম'–ঘ’হা যতনৰ চুলি,
ৰাহু বুঢ়াকালে ধৰি,   ৰূপ যেন বগা কৰি,
 লাওখোলা উদঙাই, নিব তুলি তুলি!

(ঘ)
যেই চকু যোৰে হায়!  ঘনে কেৰাহিকৈ চাই,
 মুহিব যে পাৰে আজি গেঠেলীয়া মন;
সি দুটিও মূৰকত,  খোৰোঙৰে ভিতৰত
 লাহে লাহে ঘোপা হই, পৰি যাব চন্!