পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
জ্ঞান-মালিনী
 

১৫

কোৱাঁ এবে চাই-চিঁতি হেৰা! ডেকাহঁত।
কোন কেনি যাব খোজাঁ, কাৰ্‌ কেনি মত?
নৰ-জীৱনৰ এয়ে পৰীক্ষা প্ৰধান;—
ইয়াতে হয় আত্‌‌‌‌মাৰ ভাগ্য পৰিমাণ।
কিন্তু হায়! তোমালোকে যেই ‘মিল’ পাই,
ভোল্‌ গৈছাঁ আজি, তাত একো কাম নাই।
এই ডেকা-ধেমালি ও এই হ'লিগ'লি।
নেথাকে তো বাৰকাল, একে দৰে চলি।
গলে পতি ল’বা যেবে বিয়া ফাঁহি-ডোল,
তেতিয়াহে ওলাব ই ধেমালিৰো জোল।
সেই চোচনিয়ে তযু টেটু ধৰি ধৰি
সংসাৰত বুৰুৱাব জলাকলা কৰি।
টানি নিব দিহাদিহি যাক যেনি পায়;
ধনকেহে বিছাৰিবা হাবাথুৰি খাই।
ধনতেহে ধাউতিটো,—ধনতেহে মন,—
ধন-ঘটা বাজে একো নেদেখিবা বন॥
থৰ্‌-কাচুটিকে এৰি, মৰু-জগতত
ধনৰেহে মলাজপি, হবাঁ অনুমত!
গুণনীৰ গুৰি হ'ব লৰা-লুৰি তিৰী,
ঘৰ-বাৰী, খাট-পাম, কেৰু-মণি-বিৰি।
সি কালত লগৰীয়া বন্ধুহঁতলই
চিঁতনিও নাহিব তো এখন্তেকলই।
এই দেখিছোঁ যে আহা! চেনেহতে গলি,
এজনৰ গাত আনে পৰা ঢলি ঢলি;
মৰমৰ আপাহতে কত কি যে বুলি,
আদৰিছাঁ ইটে-সিটে ‘ভাই! ভাই! বুলি,