পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
২৯
 

(ঠ)

মধুৰি, কঁঠাল,  জামু, লেচু, তাল,
 বাঙি, নুনি, পনীয়ল,
ঘিমৰু, দালিম,  চেনিচঁপা, ভীম
 আছে ভৰি ভৰি তল।

(ড)

আছে যোকা-যোকে পকি থোকা-থোকে,
 নানা তৰহৰ গুটি;
কেৰকেটৱাই  পাৰি পাৰি খায়,
 মহা সুখে কুটি কুটি!

(ঢ)

বাটৰুৱাটিয়ে,  যদি মেলি দিয়ে,
 অতি হেপাহেৰে হাত,
ঠালি ভাগি ভাগি,  ঠেৰু ছিগি ছিগি,
 নিজে সৰি পৰে তাত্‌‌‌‌!

(ণ)

কিন্তু এই ঠাই  এৰি, পোৱা যায়
 টুমনি এখন বৰ;
নাই পানী, গছ,  মানুহৰৰ সঁচ্‌
 নাই ছঁয়া, বাৰী, ঘৰ!

(ত)

ৰুউ ৰুউ কৰে,  পোৰে এনে দৰে,
 যেনে মাছ-ভজা-খোলা;—