পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
জ্ঞান-মালিনী
 

(ঢ)

মউ-পুখুৰীত  ফুৰে ধেমালিত,
 যোৰে যোৰে হাঁহ চৰি;
অতি মৰমৰ  ভেঁট পদুমৰ
 ঠাৰি পাহ পাহ কৰি।

(ণ)

(এনে ময়াছল!)  দেখোঁতে দীঘল
 যদিস্যাতো এই বাট;
কিন্তু দৰাচলে  জুখি-মাখি চালে,
 নোহে দুখোজৰো বাট!!

[ বাওঁ-বাট ]

(পাপৰ)

(ক)

 আহা! কি চিকণ,  —কেনে বিতোপণ,
 ৰঙা সেন্দুৰিয়া আলি;
অতি ফৰকাল,  নিকা চাৰি ফাল,
 নাই বোকা ধূলি বালি।

(খ)

 দুয়ো পাৰে তাৰ,  কত পৰকাৰ
 থিয়ৈ আছে শাৰী শাৰী
কৰি জকমক্‌  মুহি ভুবনক,—
 নানা ফুলনিৰ বাৰী।