পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
জ্ঞান-মালিনী
২৫
 

অতি আলাসতে,  খুপি কোনো মতে
 তাকো হ'ব পাৰে পাৰ,—

(ঞ)


আন পাৰলই  শেহান্তৰে গই,
 পায় এনে খনি ঠাই—
শান্তি অমিৰিত  আছে যি পুৰীত
 নাই কোনো ভয় নাই।

(ট)


নাই তাত আৰু  জোঁক লাৰ লাৰু,
 কাঠ-বেঁতনিৰ হাবি,
নাই হাতী, গঁৰ,  বাঘ, ভালুকৰ
 সেই গিৰিজনি ডাবি!

(ঠ)


নাই কোনো দুখ  যেনি-তেনি সুখ;
 নাই আতৰণো ভয়;
মাথোঁ চাৰি পিনে,  ওৰে ৰাতি দিনে,
 শান্তিৰেহে বায়ু বয়।

(ড)


জয়-মালা তাত  হয় বজ্ৰপাত,
 পৰে ফুল-বৰষণ;
‘প্ৰেম’-ৰ'দালিয়ে,  চুলি মেলি দি-এ'
 কৰে ভোমোৰাকে ‘খুন’।