পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
২৩
 
[ সোঁ-বাট ]
(পুণ্যৰ)

(ক)

দুয়ো পিনে ঘন,    উলুৱনি বন,
  জোঁক লাৰু লাৰু তাত;
লেউ লেউ কৰি,   আছে থিয় ধৰি,
  লাগে থোপাথোপে গাত।

(খ) •

দুয়ো পিনে ঘন,    চোঁৰাতনি বন,
  কাঠনি বেঁতনি হাবি!
কত ভয়ঙ্কৰ    বাঘ ভালুকৰ
  শুনি গিৰিজনি ডাবি!!

(গ)

হাতী   পালে   পালে,   চাৰি ফালে
    তৰাৰ গজালি খাই;
সিংহ যোৰে যোৰে   যুঁজি যঁজি মৰে
   বাটৰুৱা দেখা পাই।

(ঘ)

কত অজগৰ,    বনৰীয়া গঁৰ,
  ফেঁটী, তৰাদাঁহী, গুঁই
এই আলিটিত,   কলা-ঘুমটিত,
  আছে বাটে-পথে শুই!