পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
জ্ঞান-মালিনী
১৯
 

আমোলা, মহৰি,  ‘অফিচ’ সামৰি
  বজাৰ-বেহানি লই,
ঘৰলৈ উভতি আহিছে বাবুটি
  বিতত্, বিচুৰ্তি হই।

সন্ধিয়া লাগিছে, মেলানি মাগিছে,

  দিনেও বাতিলৈ চাই;
ৰ'দালি নুমালে, ৰান্ধনি সোমালে
  লৰায়ো পাতিছে হাই!

‘দীঘলী বজাৰে গৰাকী প্ৰজাৰে

  লাগিছে হেন্দোল্দোপ্;
ভেকুলী, বাদুল, দেখিই গধূলি
  বিচাৰি ফুৰিছে টোপ।

পোহৰো বুবিছে, আখাটি যুৰিছে,

  বোৱাৰী জীয়াৰী হঁতে,
কুটনি-বাছনি লাঙনি-পাচনি,
  কবিছে আপনা-মতে।

লৰাই ধৰিছে, আমনি কবিছে,—

  “থিতাতো লাগে ঔ ভাত। ”