পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
জ্ঞান–মালিনী
 

কাইলৈকে দেখা পাম, আমাৰেহে দৰে,
ধুলি-মাকটিৰে মিল হ'বি শেহান্তৰে।
ধনী, মানী, জ্ঞানী বুলি কৰি অহঙ্কাৰ,
ফিতাহিবে ধৰাখনি কৰ তোলপাৰ;
কুলে কুলীয়ান বুলি, বুকক ফিন্দাই,
কি যে আয়মেৰে ফুৰ মুখ-ওফোন্দাই;—
—ইবোৰৰ গুটি-বটা পাবি সেই দিন—
মৰিশালি পোৱাবহি যমে যেই দিন!!

নেভাবিবি-নব-জীৱ, অজৰ অমৰ।
নেভাবিবি-ড'ৰ নাই, ফিতাহি-ভেমৰ।
নেভাবিবি–ৰক্ষা পাম, ধনৰ বলত।
নেভাবিবি-সাৰি যাম, বুধিৰ ছলত।
নেভাবিবি-কাম নাই, কোনো ধৰমত।
নেভাবিবি-লাভ নাই, প্ৰভু-মৰমত।
নেভাবিবি–সিপুবীত একো ভয় নাই,
দেখিলেহে কান্দিবিহি, কবি–'হায়! হায়!!'



“মিছাতেই বিচাবিছ সৰু আৰু, বৰ;
নেথাকিব ইঠাইত একো ভিন–পৰ।
ৰজা প্ৰজা সৰু বৰ বলী নিৰবল
সকলোৰে হ’ব এই একে খনি থল।
সংসাৰৰ শতুৰালি, কপটালি, খঙ,
মৰিশালি পালে হব সকলোৰে ভঙ্গ।
লৰা-বুঢ়া, তিৰী-মটা, শতুৰু-মিতিৰ,
গাই গাই ওচৰতে ইটিয়ে সিটিৰ,