পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী

তেৱেঁ কিবা কৰি মন,
দিলে যত সোণ-ধন,
মাটি-তলচীয়া ঘোপ—খনি আকৰক।

গ্ৰহ, তৰা, বেলি, জোন,
আছে আলাসতে পোন,
তেওঁৰেহে কৃপা-জৰি টনাটনি কৰি;—

লৰা-তিৰী-আই-ভাই
—এই সকলোকে পাই
মৰ-জগততো নৰে আছে জীৱ ধৰি।

তেওঁৰেহে মহিমাৰ
নাই কোনো ওৰ্‌-পাৰ্‌;
একো খিলি পাততো যে আছে কত চিন;—

তেওঁৰেহে নাম লই,
কেনে যথা-ঠব হই,
যত গছনিয়ে বাই যশস্যাৰ বীণ!

সকলোতে আছে তেওঁ;
কিন্তু নেদেখে যে কেওঁ,
ওৰণিৰে মুখ-ঢাকি থাকে ওচৰত;

সেয়ে খেপিয়ালে হায়!
পাবলৈকো নাই নাই
একণকো চিন-চাব, ধৰা-ওপৰত।