পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
 

 কাৰো সৈতে কাৰো মিল
 নোহে নোহে, একো তিল,
খেলে খেলে গিয়াতি ও খেলে খেলে জাত;
 গৰু, পহু, নৰকুল;
 গাজ কলি কুঁহি ফল;
চামে চামে গছনি ও চামে চামে পাত।

 আহা! প্ৰভু-জেউতিৰ
 ফিৰিঙটি একোটিৰ,
ভমকতে উপজিছে আত্ম-জীৱ-মন;
 তাতে আকাশৰ ভাপ,
 ৰাশি-নক্ষত্ৰৰ চাপ,
পৰি সাজে ভবিষ্যৎ-ভাগ্য একোখন।

 পাপ-পুণ্য-ধন-ধান
 কৰিবলৈ পৰিমাণ,
পাতিলই সোবঁৰণী তাৰে একোখন,
 দৈৱজ্ঞই পৃথিবীত
 সুখ দুখ হিতাহিত
গণি গণি কয় সেই দৈব-লিখা খন।

 কিন্তু হায়! নাই নাই,
 একণকো দিয়া নাই,
আয়ু, আৰু, মৰণৰ, কাকো ক'তো ভেদ।
 পুণ্য-পাপ কত কাৰ?
 কয়, —এনে সাধ্য কাৰ?
হয়ো যদি ‘মূধা-ফুটা' পঢ়ি চাৰি বেদ।