ফটিক সিংহাসনত এজনা জগত-মোহিনী অপেশ্বৰী। কাব্য নামে এখনি বীণ
তেওঁৰ ওচৰতে পৰি আছে; যেন বজাই বজাই ভাগৰ লাগি অলপ জিৰাবৰ নিমিত্তে
এতিয়াই ওচৰতে থৈ দিছে। আৰু আগতে এটি সোণোৱালী কুঁকিত লেচাৰী
দুলৰী পদ নামব নানা তৰহৰ ফল। সেই ফুল বিলাককে লৈ তেওঁ এক মনে
এক ধ্যানে অনা-জৰিৰে এধাৰি মালা গাঁথি গুণ গুণ কৰে কিবা এষাৰি গাই
আছে। তেওঁৰ হাঁহি-ভৰা মুখ আৰু কোমল ল-নি শান্ত ভাব দেখি ততালিকে
এনেহে মনত লাগিল যেন তেওঁ এজনা স্বৰ্গীয়া অপেশ্বৰী, এই দুখ-বেজাৰৰ
পৃথিবীক নিচুকাই এফেৰি শাঁত কৰিবৰ নিমিত্ত দয়াময় গৰাকীয়ে মৰতলৈ পঠিয়াই
দিছে। হিয়া-পুখুৰিত ভক্তি-পানী উথলি পৰিল, দুই হাতে নমস্কাৰ কৰি
কৰি আঁতৰৰে পৰা ৰ লাগি চাই থাকিলোঁ। অলপ পৰ চাই আছোঁ, এনেতে সেই
জোনমুঈ পাৰিজাতে বিশ্ব-খনিকৰৰ কুন্দত কটা নিজৰ গঢ়িত মূৰটি তুলি
আৰিমূৰি দি ইকাতি-সিকাতি কৰাত হঠাৎ মোৰ ওপৰত চকু পৰি বিচুৰ্তি হৈ
মাত লগালে, “এইটো কৰ নাঙঠা লৰা?” . যদিও মাত মাৰি নিচেই কোমল
শুনিলোঁ, তথাপি কিজানো কিবা-এটা ভয়ত মোৰ পেটতে হাত-ভৰি লুকাল।
মই ভয়ত ‘হাও হাঁও’ কৰে কান্দি পেলালোঁ। দেখি তেওঁৰ এফেৰি মৰমেই
লাগিল নে কি কব নোৱাৰো, হাত বাউল দি মোক ওচৰলৈ মাতিল। নোযোৱা
দেখি এইবাৰ আকৌ মুখ ফালি, “আহা! আহা!” বুলি বৰকৈ মাতিল। মোৰ
অলপ-ধতুৱা বুকুত এফেৰি ধাতু আহিল, নিসাহিয়াল হিয়াত একণিমান সাহ
উপজিল। যাবলৈ হোহকা-পিচলা কৰিছোঁ এনেতে আকৌ মাত লগালে—“ভয়
নকৰিবা, আহা! নাহাঁ কেলেই?” এইবাৰ হ'লে পোনছাটেই খোজ ললোঁ, সিও
কিন্তু চকু মোহাৰি মোহাৰি আৰু থুনুকথানাককৈহে। লাহে লাহে যেতিয়া
কাষ ছাপিলোঁগৈ তেওঁ অতি মৰমেৰে মোক সুধিলে “পোঁনা! তুমি কৰ পৰা
আহিছাঁ?-কৰ লৰা? ইয়ালৈ কেনেকৈ আহিলাঁ? মা বাপেৰা আছেনে? হাঁ?
কোৱাঁচান? এতিয়া কলৈ যাবা?—?—?—?” মই আন একোকে উত্তৰ দিব নোৱা-
ৰিলোঁ; মাথোন ফেঁকুৰি ফেঁকুৰি কলোঁ “মোক আজি আয়ে মাৰিব। মই এতিয়া
ঘ'লৈ কেনেকৈ যাওঁ? তেওঁ হাঁক দিয়াতো নুশুনি মই পলাই আহিছিলোঁ"—
ইমানলৈকে কৈয়ে আৰু একোকে কব নোৱাৰিলো। মাথোন মুখ নাক একেকাৰ
কৰি ‘উ-উ-উ’ বুলি আকৌ কান্দিবলৈ ধৰিলোঁ। দেখি তেওঁৰ মৰময়াল হিয়া
একেবাৰে পমি গল, অতি চেনেহেৰে ওচৰ চপাই নি নানান কথা কৈ ফুচুলাই
নিচুকাবলৈ ধৰিলে আৰু ক'লে “নেকান্দিবা, নেকান্দিবা, বাছা! ভয় নাই। এই
মালা ধাৰি দিছোঁ মাৰাক ভেটি দিবাঁগৈ, তেওঁ আৰু তোমাক নেমাৰে। ” এই
বলি সেই অনা-জৰিৰে-গঁথা হাফেজ-ফুলনিৰ তল সৰা ফলৰ মালাধাৰি মোৰ
পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৩৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৩ ]