সেই বোৰ উপলুঙা কথা এতিয়া এৰা যাওক। মুঠতে কওঁ-নৈ খনি
হেলাৰঙে পাৰ হলোঁ। পাৰ হৈয়ে সিপাৰে দেখিলোঁ—এখনি মোলনাইকিয়া
স্বৰ্গপুৰী যেন সুন্দৰ নগৰ; হেজাৰ হেজাৰ যোজন বিয়পি গোটেই সিপাৰ যুৰি
আছে। নগৰ খনিৰ ভিতৰত ইমান আলি, ইমান গলি, ইমান বজাৰ যে কলি-
ৰজাৰ ৰাজ নগৰ কলিকতাৰ আলিৰ সংখ্যাও ইয়াৰ মানত একোকে নহয়। আলিৰ
দুই কাষে শাৰীয়ে শাৰীয়ে বহুমূলীয়া শিলেৰে বন্ধোৱা ৰঙ্ঘৰ, কাৰেঙ্ঘৰ,
তলাতলি ঘৰ। প্ৰতি ঘৰৰ চালে-বাৰে অতি ধুনীয়া ধুনীয়া নক্সা বিলাক;
দেখিলেই হিয়া মন চেঁচা লাগি আহে। এই নগৰৰ চাৰিও কাষে এনেনো শুৱনি
শুৱনি বাগিছা বিলাক যে, তাত ভৰি দিয়া মাত্ৰকে অতি নিৰস মানুহৰ মনতো
ৰহস্য ৰসৰ ধল উঠে,-কাঠ্কঠুৱাৰ বুকুও নিচেই কোমল আৰু লেতুসেতু হৈ
পৰে। যি মোছলমান বাদশ্যাহ আৰু নবাব সকলৰ ‘দেল্-কোছা’, ‘দেল্-আৰাম’
ইত্যাদি নামৰ বাগিচা বিলাকৰ কথা শুনি বিলাতৰ ৰাজাধিৰাজ সকলেও অবাক
হৈ পৰি মূছ্কঁছ্ গৈছিল, তেনে বিলাক বাগিচাও ৰিজালে ইয়াৰ আগত সমূলি
চেৰ পৰে। সেই বাগিচা বিলাকৰ মাজে মাজে একোখনি ফুলনি। ফুলনিৰ
মাজত নানা বৰণৰ ফুল, জক্মক্ কৰে হাঁহি হাঁহি ৰূপৰ জেউতিৰে গোটেই
নগৰ পোহৰাই আছে। ‘পাচ’-পোৱা মানুহ বিলাকে জুমে জুমে নৈ পাৰ হৈ
আহি এই স্বৰ্গপুৰী যেন নগৰ খনি ভৰি পৰিছেহি। ময়ো নৈ-দাতিৰ পৰা
এখোজি দুখোজিকৈ আহি নগৰ সোমালোঁহি। নগৰত ইমান মানুহ, দেখিয়েই
মই বিচুৰ্তি খাই মূৰে কঁপালে হাত দিলোঁ। অৰ্থাৎ এই পাৰেও যে ইমান
মানুহ আছে তাক আগৈয়ে মই ভবাই নাছিলোঁ। যি কি নহওক আচহুৱা ঠাই
দেখি পুলুঙ্-পালাঙ্কৈ চাই চাই এখোজি দুখোজিকৈ নগৰৰ ভিতৰ সোমাইছোঁ;
মনত কিন্তু ভয়ো লাগিছে, ৰঙো লাগিছে। কিছু দূৰ গৈ দেখিছোঁ—মানুহ-
বিলাকে কাকো কেৱে নমতাকৈ গাই-পতি একোখনি বাগিচাত আপোনা আপুনি
সোমাই পৰিছেগৈ। সোমায়েই দেখিছোঁ, তাৰ মাজত এখনি এনে নো ধুনীয়া
ফুলনি বাৰী যে সেই খনিৰ দৰে ফুলনি আৰু কৰবাত আছে বুলি মোৰ মনে
পতিয়াবই নোখোজে। মাজতে এটি মউ-পুখুৰি। পুখুৰি যুৰি সোণৰ পদুম
আৰু মাণিকৰ পাৰিজাতে জক্মক্ কৰে ফুলি আছে, দেখিয়েই জীৱন সাৰ্থক
যেন মনত লাগিল। ফুলৰ মাজে মাজে ৰাজহাঁহ বিলাকে ধেমালি কৰি কৰি
এবাৰ বুৰ মাৰি পদুমৰ শিপা এডালিকে তুলি আনিছে, এবাৰ মুকুতাৰূপী
শেলুক এটিকে আনিছে, এনে দৰে উমলি উমলি চৰি ফুৰিছে। এই বিলাক
চাই গোটেই পুখুৰিটি আকৌ এবাৰ হেপাহ পলুৱাই চাবৰ মন কৰি চাৰিওফালে
চকু ফুৰাইছোঁ, এনেতে হঠাৎ দেখিলোঁ পুখুৰিৰ উত্তৰ পাৰত এখনি সোণালি বৰণৰ
পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৩৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২২ ]