পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৯ ]

খোৱা-বোৱা বস্তু, সেই পিনে মাথোন দাইল, চাউল, লোণ, তেল, গুৰ, চেনি, গাখীৰ, ঘিউ, চণ, পাণ, তামোল, খৰি, খেৰ, পাত ইয়াকেহে দেখি। যেনি উপহাৰ বস্তু, সেই পিনে মাথোন উপহাৰ বস্তুয়েইহে, যেনে (১) গছৰ গুটি কল, কুহিয়াৰ, লেটেকু, পনীয়াল, দালিম, সুমথিৰা, আম, জামু, কঠাল, নাৰিকল, বৰটেঙা,ৰেবাব, চকলা, মৰি ইত্যাদি;-(২) মিঠে-ফেনিপিঠা, বৰপিঠা, তিলদিয়া পিঠা, চুঙা পিঠা, লাৰু, জেলেপি, খোমা, লুচি, পুৰি, ৰসগোল্লা, কেচাগোল্লা, পেৰা, বৰ্ফি ইত্যাদি। যি ফালে পিন্ধাউৰা বস্তু, তাতে আকৌ ঠেঙা, চোলা, টকৈয়া, জোতা, মুজা, ছাতি, লাঠি, ঘড়ী, চেইন, আঙঠি, সৌকা ইয়াকেহে মনি। এপিনে আকৌ, চকী, মূঢ়া, বাগী, ঘোৰা, মেজ, মাচিয়া, পীৰা, ধৰা, চালপীৰা, পালেঙ এয়েহে। আৰু যে কত কি আছে তাক কৈ অন্ত কৰিব নোৱাৰি। মুখ বুটি হ'ব কাপ ভোঁটা হ'ব কওঁতা বা লিখোঁতাই ভাগৰি ধেৰাই মেৰাই পৰিব, তথাপি তাক বৰ্ণনা কৰি অন্ত কৰিব নোৱাৰি, ইমান বস্তু! কিন্তু এটি কথা—এই বোৰ বস্তু বেচা যত বিলাক সাউদ দেখিলোঁ মানে, সকলো বিলাক আমাৰ এই দেশীয় ক'লা মানুহ। এই কলীয়া মুদৈ বিলাকক মাজত লৈ মেলাৰ চাৰিওফালে বেৰি, দাঁতিয়ে দাঁতিয়ে কিছুমান হলৌ চোলা-পিন্ধা, বিত-চকু-লগোৱা, তপামূৰীয়া চাহেবে শাৰী শাৰীকৈ পৰা মেজৰ ওপৰত এবিধ পহাৰ পাতিছে। সেই পহাৰ বিলাকৰ সংখ্যা ইমান সৰহ যে তাৰ লেখ-জোখেই নাই। হেজাৰ হেজাৰ যোজনলৈকে শূকুলা সাউদহ’তে সেই বিলাক পহাৰ মেলি বহি বহি আছে। চাৰিওফালৰ গৰাকীয়ে গৈ সেই বোৰ পহাৰতেহে বেচিকৈ জাঙুল খাই ধৰিছেগৈ। ইমান উদলিমুদলি হৈছে যেন গোটেই পৃথিবী দলদোপহেন্দোলদোপ। এখেবে পৰা বিচুৰ্তি খাই আমিও সেই পোনেই ৰ লাগি একে ৰাহে চাবলৈ ধৰিলোঁ‌। দেখিছোঁ—গৰাকী বিলাকৰ মাজত ভালেমান চিনাকি মানুহো আছে। যেনে ডাক্তৰ আওৰঙশ্যাহ, এম, ডি; খেলিলুদ্দিন আহমদ, বি, এ; ব্যাৰিষ্টাৰ আব্দুল মজিদ বি, এ, এল, এল, বি, আৰু, সেই মোৰ মৰমৰ ককাই ভাই দুজন (ফাইজুদ্দিন আহমদ, আৰু চাইফুদ্দিন আহমদ)। পঢ়ুৱাই সকলে এইবাৰ আকৌ মোৰ ওপৰত খঙ হব পায়। তেওঁ বিলাকে মনে মনে চাগৈ কৈছে, “ইস! নেদেখিছা, এওঁৰ মাথোন বংশ পৰিয়াল আৰু ভাই ককাই কেজনকহে দেখিলে আৰু কাকো দেখিবলৈকে নেপালে। মই কওঁ-হয়, আন আন ভালেমান মানুহকো দেখিছিলোঁ; কিন্তু মনত যে নেথাকিল। সেই বাবে এতিয়া মই জগৰীয়া নে? আপোনাৰ বংশ পৰিয়াললৈ যে এটি চেনেহৰ টান সকলোৰে আছে, সেই টানটিৰেহে ষোল অনা দোষ; মোৰ তো নহয়। আপোনালোকে নো পাছে ‘সুধাকৰ’ ‘সঞ্জীবনী'ত পেঞ্চিলৰ চিন দি দি, কোন জন ভাই ভাগিন এইবাৰ পৰীক্ষাৰ মহলাত উঠিব