পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[ ১৮ ]

আচলতে তেতিয়াৰে পৰা আজিলৈকে কেৱে আৰু, তেওঁক কৰবাত লগ পাইছোঁ তিনিওৱে তেওঁলৈ বাট নেচাই অতি হেপাহেৰে ততাতৈয়াকৈ সেই বজাৰৰ গলালোপৰ কাষ চাপিলোঁগৈ। সোমাব খুজিছোঁ, দেখোঁ—মানুহ গোটাচেৰেকে আগ ভেটি ভেটি ধৰে। শেহান্তৰত ককাইদেৱ আৰু চাইফুদ্দিনে সিহঁ‌তৰে সৈতে বগিয়াবগিকৈ যেনিয়ে যেনিয়ে এফেৰি সেৰেঙা পালে সেই সেই পিনে পোট্-পোট্ কৰে সৰকি পৰিল; কিন্তু মই হলে ভেবা লাগি চাই থাকিলোঁ; প্ৰাণ টাকি চেষ্টা কৰিও কোনো মতে ভিৰ ঠেলি মেলাৰ ভিতৰ সোমাব নোৱাৰিলোঁ। খঙ, বেজাৰ আৰু, লাজত মোৰ সেই লৰা কালৰ কুমলীয়া হিয়া খনি ভাগিছিগি টেপাটেপ হৈ পানীৰূপে চকুৱেদি বাজ ওলাল। তাৰ সোততে বুকু পেট সকলো বুৰি জুৰুলি জপৰি হলোঁ‌। অৰ্থাৎ মুঠ কথা হৈছে, ওপৰত উনুকিওৱা তিনি লাঠৱাই মোক ভোদা যেন দেখি জোকাই জোকাই পেঙেলিয়াই পেঙেলিয়াই শেহান্তৰত কন্দুৱাই পেলালেগৈ। মই উচুপি উচুপি ফেকুৰি ফেকুৰি কান্দিলোঁ‌; শেহত দুখোজ মান পিছলৈ হহুকি আহি সুকলমে এঠাইত ডবক মাৰি থিয়ৈ থাকি আঁ‌তৰৰে পৰা আমনজিমনকৈ মেলাৰ ৰেহৰূপ লীলা’মলা চাই মন পাতলিয়াবলৈ ধৰিলোঁ। কি কৰিম? তাত বাজেতো আৰু, আন উপায় নাছিল। পঢ়ুৱাই সকলে আজি মোক এনে দৰে চেৰ পৰা দেখি কপালৰ গাঁঠি থোপাকৈ মনে মনে চাগৈ নথৈ শপিছে। কিন্তু ভৈয়াইহ'ত সেই দোষ মোৰ নে? সেই দোষ মোৰ নহয়। মোৰ আই বোপাই দুগৰাকীৰো নহয়; মোৰ ভাই ককাই কেজনৰো নহয়। সি মোৰ গেৰেমালিৰ দোষ-সি মোৰ মুবূখালিৰ দোষ-সি মোৰ এই পোৰা কপালৰ দোষ।

 যাওক। আমনজিমনকৈ আঁ‌তৰৰে পৰা মেলাৰ আওভাও চাই আছোঁ; অলপ পাছতে দেখিলোঁ—আমাৰ সমনীয়া এটি লৰাই মেলাৰ মাজৰ পৰা মিচিকিয়াই মিচিকিয়াই ওলাই আহি মোৰ ওচৰ চাপিল। তেওঁ অতি মৰমেৰে চেচনি-হাত ফুৰাই মোক নানা কথা বুজালে, আৰু আগৰ দুখ বেজাৰ পাহৰি যাবলৈ গোহাৰি কৰিলে। মইও তেনে এজন মৰমিয়াল বন্ধুৰ লগ পাই সকলো পাহৰি পেলালোঁ। দুইৰে মন দুইৰো লগত মিলিল; গতিকে মেলাৰ মাজলৈ নগৈও বাহিৰৰে পৰা ভিতৰত থকাতকৈও বঢ়া সুখভোগ কৰিবলৈ ধৰিলোঁ।

 দেখিছোঁ—মেলা খনি এনে নো আটোমটোকাৰিকৈ পতা হৈছে যে, কোনোবা পিনে কেনিবা বেমেজালি হ'ল বুলি কেৱে দায়কে ধৰিব নোৱাৰে। কোটিয়ে কোটিয়ে অৰ্ব্বদে অৰ্ব্বুদে পোহৰ। ভাগে ভাগে ভিনে ভিনে বেলেগ বেলেগ বস্তু; কাৰো সৈতে কাৰো একণো মিল নাই। এবিধ বেহানিৰ লগত আন এবিধৰ লেটিপেটি নাই;চামে চামে বানে বানে সুকীয়া বস্তু। যেনি ৰোজৰ