পাতনি।
(সমাজিক)
চ'ত মাহ। প্ৰকৃতি ধায়ে দুমহীয়া টোপনিৰ পৰা খক্ মক্ কৰে উঠি আলাসৰ লাৰু কোলাৰ কেচুবা, মৰমৰ সন্ততি, ‘পৃথিবীক' লাহৰী হাতেৰে আঁকোৱালি ধৰি পুতৌ কৰিছে। খৰকালিৰ খচকনিত ঠেতুৱা ধৰি পেপুৱা লাগি থকা পৃথিবীৰ-গাৰ-নোম, গছগছনি বিলাকৰ আঁহ-পাঁহ মুকলি হৈ ঠন ধৰি ধৰি উলাহতে শিয়ৰি উঠিছে; আৰু সেই বাবেই সিহতে যেন নিফুট মাতেৰে গুণগাই ধাঈমাকৰ নথৈ শলাগ লৈছে। লগে লগে প্ৰকৃতিৰ ঘাই গিৰীহত বিশ্ব-খনিকৰক আঁজলিয়ে আঁজিলিয়ে ৰঙা, বগা, সেউজীয়া, হালধীয়া নানা তৰহৰ ফুল দি হিয়া-তলি উদিয়াই যেন ভকতি জনাইছে আৰু বতাহৰ হেন্দোলনিত নিমিষে নিমিষে যেন মূৰ দোৱাঁই দোৱাই তেওঁক সেৱা কৰিছে। ফুল বিলাকেও এনে মৰমীয়াল ঘাই গিৰীহতৰ উছৰ্গাত নেওচা যাবলৈ পাই যেন ইপাহে সিপাহৰ গাত ঢলি ঢলি পৰি আনন্দ জনাইছে; মলয়াৰ বোকোচাত এবাৰ ওপৰলৈ উঠি এবাৰ তললৈ নামি ধেমালিতে উত্ৰাৱল হৈছে;—আৰু সেই উলহমালহতে যেন তেওঁবিলাকৰ জগত মোহিনী হাঁহিৰ পোহৰে প্ৰকৃতি ৰাণীৰ গাতো জেউতি চৰাইছে। মৌ-পিয়া, টুনী, বুলবুলী, ফেচুলুকা, সখিয়তী আদি কৰি নানা বৰণৰ ৰঙিয়াল চৰাইবিলাকে আৰু ধেমেলীয়া টটাটিঙা কলীয়া ভোমোৰাই ফুল- কুৱৰী সকলৰ সেই আলহ-উদ্গত মন বান্ধিব নোৱাৰি চিলা থপিয়াদি থপিয়াই সুখৰ এভাগ এভাগ কাঢ়ি লৈ দূৰৈলৈ পলাইছে। তাতে যেন ফুলৰাণী সকলে মুখ আমোলাই চকু টুলটুলীয়া কৰি মূৰ জোকাৰি পিছ ফালৰ পৰা অতি কোমল লে-নীয়া মাতেৰে ‘বা-বু'—বুলি আগলৈ হুমিয়াই থৈছে। কিন্তু সেই হুমিয়নিও যেন ৰহস্যৰ হে, বেজাৰৰ নহয়। যেনিয়ে চাই পঠিয়াওঁ দেখিবলৈ পাওঁ-ৰঙ, আনন্দ আৰু উলাহহে মাথোন; কেনিও যেন আমন-জিমন, দুখ-বেজাৰৰ গোন্ধভাঁপেই নাই। বতৰোঁ সদায় ফৰকাল। ৰ'দালীয়েও নেৰানেপেৰাকৈ পৃথিবী খনিক ৰহনাই আছে। (কেতিয়াবা কেনেবাকৈ) ছেগাচোৰোকাকৈ ডাৱৰে শূইন আকাশত একোবাৰ গোট্পিট্ খায়,—হঠাৎ গিৰ্ গিৰ্ কৰে এজোলোকা বৰষুণ পেলায়; কিন্তু ততালিকে আকৌ নাইকিয়া হয়।
এনে ৰাঙ্ঢালী চ'ত মহীয়া এদিন ভৰদুপৰীয়া মোক দহ-মাহ-দহ-দিন-গৰ্ভত- ধাৰণ-কৰা মৰমৰ আয়ে লৰালুৰিৰ পে’-পে’-জে’-জে’ আৰু ঘৰুৱা আলৈ-আহু