পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[ ১৭ ]

কালৰ পৰা কোনো মতে হাত সাৰি ৰ'দ কাঁচলিত বহি এফেৰি ভাগৰ জিৰাইছে। মই তেতিয়া পাঁচ বছৰীয়া, মাটিতে লেপেটি কাঢ়ি এটি একণি মান মাকৰি ঘিলা লৈ তেওঁৰ ওচৰতে উমলি আছোঁ। এনেতে ককাইদেৱে (ফাইজুদ্দিন আহ্‌মদে) মোৰ সৰু ভাই দুজনক (অৰ্থাৎ বদিওজ্জামাল আৰু চাইফুদ্দিন আহ্‌মদক) লগত লৈ বাজৰ ফালৰ পৰা হেলাই-হঁপাই আহি, “মফিজ! মফিজ! এই পিনে আহাঁচোন চোৱাহি। —আজি হেনো দীঘলী বজাৰত কিবা এখন মেলা বহিছে। মানুহৰ নিদিনা গোটেই বিৰ্‌-দিও বট পাবলৈ নাই। পৰ্‌জাৰ ওপৰত পৰ্‌জা— বেহানিৰ ওপৰত বেহানি, চাৰিও ফালে গোটেই দল্‌দোপ্‌হেন্দোল্‌দোপ্‌। চোৱাঁহিচোন চোৱাঁহি-কেনে হুৱাদুৱা, কেনে গলাগোপা, কেনে উখল্‌ মাখল্‌, কেনে উচল্‌ পাচল্‌!”—এই বুলিয়েই তিনিওয়ে উভতি আকৌ আলিৰ ফাললৈ লৰ মাৰিলে। এনেই বুঢ়ীনাচনী, তাতে আকৌ নাতিনীয়েকৰ বিয়া; একেই লৰাৰ মন, তাতে এনে এটি বাতৰি—সি কি আৰু থিতে থাকিব পাৰে? শুনিয়েই ৰঙত তিনি নাচদি তেওঁবিলাকৰ পিছে পিছে মইও লৰ ধৰিলোঁ। ততাতৈয়াকৈ আয়ে পছ ফালৰ পৰা মাত লগালে “তই নেযাবি, বোপাই! সিহতৰে সইতে যোতাশালী মাৰি— এই খিনিৰে পৰা আৰু কি কলে শুনিবলৈ নেপালোঁ। চেকুৰ মেলি পোন ছাতেই তেওঁবিলাকৰ লগে লগে আহি হাঁহি হাঁহি, আলি ওলালোঁহি। মনত ভাবিলোঁ আইৰ হাত সাৰি আহি ভাৰি বৰমতালি কৰিলোঁ। চাৰিওটি ভাই ককাই ৰাজ আলিৰ সোঁ মাজতে থুপ খালোঁহি। লৰাৰ লৰা-মেল; কিবা এটি পাতি ভাঙ্গি আলচ কৰি ততালিকে খাটাঙ্‌কৈ থিৰ কৰিলোঁ; লাহে লাহে এখুজি দুখুজিকৈ মেলাৰ পোনলৈ আগ বাঢ়িলোঁ। কিন্তু চকু হলে তবধ লগা ভেলেঙী পহৰ দৰে মেলাৰ জুমুৰি খনৰ ওপৰত। অৰ্থাৎ সেই সময়ত মেলাৰ ধুমধাম দেখি আমাৰ আবলুখা বুকুৰ সিংহাসনত আনন্দ ভয় আৰু তবধালিৰ পৰা ওপজা কিবা-জানো-কেনেবা এটা মিহলিভাৱে জুই-জাল ভমকেৰে ৰাজত্ব কৰিছিল। যি কি নহওক, কেউটিয়ে লগে ভাগে অলপ দূৰ গৈছোঁ, এনেতে হঠাৎ আমাৰ সোঁহাতৰ ফালে দেখিবলৈ পালোঁ—এটি পকিনাদ। নাদটিৰ চাৰিও কাষে এখনি ফটিকৰ জেওৰা। জুমি চালে বাহিৰৰ পৰা ভিতৰলৈ কালিহি কালিহি মনিব পাৰি; কিন্তু ভালকৈ একোকে চিনিব নোৱাৰি। বদিওজ্জামালৰ (অৰ্থাৎ মোৰ পাছৰে যিজন ভাই তেওঁৰ) সেই নাদটিত চকুপৰা মাত্ৰকে পিয়াহ লাগিল; ততালিকে কাকো নোসোধাকৈ পিয়াহ পূৰ কৰিবৰ নিমিত্তে কোন পিনে জানো কেনেকৈ জপনা ডাঙি জেওৰাৰ ভিতৰ সোমাল। সোমোৱাহে দেখিলোঁ; কিন্তু আকৌ তেওঁ বাজলৈ উলটি আহিল নে নাহিল তাক চাবলৈ আমি আৰু ৰৈ নেথাকিলোঁ। বা দেখা পাইছোঁ বুলি বকু ডাঠ্‌কৈ কবই নোৱাৰে। ইপিনে কিন্তু আমি