[১০]
XIV.
From
DINANATH DUTTA, B.A. :-
জ্ঞান-মালিনী অসমীয়া ভাষাৰ কাব্য-ফুলনীত এপাহি অপূৰ্ব্ব স্বৰ্গীয়
পাৰিজাত। ইয়াৰ পদ আৰু কথা বিলাক অতি সোৱাদ; ভাব বিলাক
তাতোকৈ ওখ। ইয়াৰ প্ৰত্যেক শাৰীতে অতি উজু ঘৰুৱা কথা বিলাকৰ সাজপাৰ
পিন্ধি এটি মৌ-সনা উদাস আধ্যাত্মিক ভাব যেন সোত বোৱা-দি বৈছে; পঢ়ি
থাকোঁ মানে এৰিবৰ মনকে নেযায় আৰু লগে লগে সংসাৰ-ভাবত জলাকলা হোৱা
মনও চেচা লাগি আহে। আমি সমাজিকতো আশা নকৰিছিলোঁ যে আমাৰ এই
দুখীয়া অসমীয়াভাষাৰূপী খনিৰ পৰা ইমান সোনকালে এনে এটি মোল নাইকিয়া
মাণিক ওলাব পাৰিব। ইয়াৰ বিশ্ব-খনিকৰ পদ্যটিৰ ভাব বিলাক আমাৰ গীতাৰ
লগত মিলে। লেখকে বিশ্ব-পঢ়াশালীৰ কোনো এটি ডিগ্ৰি নোপোৱাকৈয়ে যে
ইমান দূৰ ভাব খেলব পাৰিলে, তাৰ নিমিত্তে আমি তেওঁক হেজাৰ হেজাৰ বাৰ
ধন্য বুলিছোঁ আৰু জগতৰ আন আন কবি সকলৰ শাৰীত শাৰীপুৰাবৰ তেওঁৰ
পুৰা স্বত্ব আছে বুলি আমি চিনাকি পাইছোঁ। মুঠতে কবলৈ গলে, জ্ঞান-মালিনী
কণাৰ লাখুটি, এন্ধাৰৰ বন্তি, ভকতৰ মাদলী। আশা কৰো যেন সকলো
অসমীয়াই ইয়ৰ একোখনি লৈ মাজ-চোৱা ও শেহ চোৱা সোনকালে উলিয়াবৰ
নিমিত্তে নতুন লিখাৰুৰ উছাহ বঢ়াই দিয়ে আৰু পুথি-বচা কমিটিয়েও যেন ছাত্ৰ-
বৃত্তিৰ দৰে ওখ শ্ৰেণী বিলাকত চলাবৰ নিমিত্তে চেষ্টাৰ ত্ৰুটি নকৰে।
১৮৯২ |
XV.
“জ্ঞান-মালিনী” আদিৰ পৰা অন্তলৈ পঢ়ি বৰ সন্তোষ লভিলোঁ। এই পুথি- খনি আধ্যাত্মিক ভাৱেৰে পৰিপূৰ্ণ। ইযাৰ ভাব বিলাক বৰ ওখ। দুখীয়া অসমীয়া ভাষাত ইমান সোনকালে যে এনে ওখ ভাবৰ পুথিওলাব তাক আমি আশা নকৰিছিলো। এই পুথি ওপৰ খাপৰ স্কুলৰ উপযুক্ত হৈছে। ইয়াৰ পদ- লালিত্য, ভাষাৰ কোমলতা আৰু কৌশলময় শব্দবিন্যাস দেখি লিখাৰুক ধন্যবাদ