পৃষ্ঠা:জ্ঞান-মালিনী.djvu/১১০

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৮
জ্ঞান-মালিনী
 
৩২

এবে তোমাকেহে খাটো
 হে ‘প্ৰভু! দয়াময়!’—
আজি মহা বিপদত,
 বিতত্‌‌‌‌-বিচূৰ্তি মই;

৩৩

কেৱেঁ নেতাৰিলে মোক:—
 নেলাগিলে কাৰো বেথা;
তুমিয়েহে তৰোৱাঁহি,
 ভাঙ্গি এই মহা লেঠা;

৩৪

অগতিৰ গতি তুমি,
 অনাথৰ নাথ শুনো;
তেন্তে ই বিলই মোৰ,
 চাই আছাঁ কেনেকৈ নো:

৩৫

কণা অধমৰ ফালে,
 কৃপা-চকু মেলি চাই,
তাৰাহি, হে দয়াময়!
 ৰসাতলে গলোঁ হায়!!!

শঁক ১৮১৭
৪ ব'হাগ।