পৃষ্ঠা:জ্ঞান-মালিনী.djvu/১০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
জ্ঞান-মালিনী
 
২৩

যাৰেই গুৰিলৈ যাওঁ,
 সেয়ে মুখ ওফোন্দায়;
চকুহে টেলেকা কৰি,
 গোঙোৰাকৈ ঘূৰি চায়;

২৪

যেয়ে সেয়ে ছেই ছেই,
 য'তে ত’তে দূৰ দূৰ;
যাকে মাতোঁ, সেয়ে মাৰে
 কিল, ভুকু, লাঠি, গোৰ।

২৫

হায়! কি কপাল মোৰ,
 এয়েনে আছিলে লেখা?
উহু! কি এন্ধাৰ বাট,
 নেপাওঁ একণো দেখা!!

২৬

সাৰথি মাথোন এই—
 কণাৰ লাখুটি ডালি।
তাৰেহে খোপনি পতি,
 কোনো মতে হালিজালি,-

২৭

এখুজি দুখুজি কৰি।
 আহিছোঁ, হে ভাইহঁত!